নগাঁৱত আছুৰ বিক্ষোভ প্ৰদৰ্শন

assu

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো তথ্য আৰু জনসংযোগ বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত সংঘটিত অনিয়ম আৰু কেলেংকাৰী সন্দৰ্ভত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। নগাওঁ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকনৰ নেতৃত্বত শতাধিক ছাত্ৰ সন্থাৰ কৰ্মী আৰু সমৰ্থকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী ধ্বনি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

নিযুক্তিত দূৰ্নীতি অনিয়ম বন্ধ কৰক, দূৰ্ণীতিযুক্ত নিযুক্তিৰ তদন্ত কৰক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, শূন্য সহনশীলতাৰ প্ৰতিশ্ৰুতি ক'ত গ'ল আদি বিভিন্ন শ্লোগান দিয়ে । বিক্ষোভৰ অন্তত জিলা ছাত্ৰ সন্থাই উল্লেখিত দুয়োটা বিভাগত ন্যায়িক তদন্তৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

এক নিদিষ্ট সময় সীমাৰ ভিতৰত ন্যায়িক তদন্তৰ জড়িয়তে নিযুক্তিত হোৱা কেলেংকাৰীৰ লগত জড়িত দোষীক শাস্তি বিহিবলৈ দাবী জনায়।

Your Comments