চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ : জিলা উপায়ুক্তক তদন্তৰ দাবী

222

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তৰ হাতত এক অভিযোগ-পত্ৰ দাখিল কৰিছে আৰ টি আই কৰ্মী আব্দুল জলিল আকন্দে। আকন্দে আজি নগাঁও জিলাৰ উপায়ুক্তক প্ৰদান কৰা অভিযোগ-পত্ৰখনত উল্লেখ কৰা অভিযোগ অনুসৰি, যিটো সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি ঘোষণা কৰিছে, সেই  সময়তে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোক অবাধ দুৰ্নীতি-অনিয়মে ছানি ধৰিছে।

অভিযোগ-পত্ৰত উল্লেখ কৰা অনুসৰি, চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ নামজাৰিৰ বাবদ ৫-১০ হাজাৰ টকা, মাটি বিক্ৰীৰ অনুমতি-পত্ৰৰ বাবদ ২-৫ হাজাৰ টকা, জমাবন্দি কপি আৰু মাটি থকাৰ প্ৰমাণ-পত্ৰৰ বাবদ ৫০০ টকা, মাটিৰ প্ৰতিটো উত্তৰাধিকাৰী নামজাৰিৰ বাবদ প্ৰতি দাগে ৫০০ টকাকৈ আদায় দিব লাগে।

চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ : জিলা উপায়ুক্তক তদন্তৰ দাবী

এই ধন চক্ৰ বিষয়াই নিজহাতে সংগ্ৰহ নকৰে যদিও কাৰ্যালয়টোত তেওঁ পুহি ৰখা জনৈক কুমুদ নামৰ দালাল এজনৰ জৰিয়তে সংগ্ৰহ কৰে। টকা নিদিলে কাৰ্যালয়টোত এতিয়া কোনো কামেই নহয়। তাৰোপৰি চক্ৰ বিষয়াৰ কাৰ্যালয়টোত কোনো কামত যোৱা সাধাৰণ ৰাইজক, আনকি কাৰ্যালয়টোৰ মণ্ডলকো চক্ৰ বিষয়াজনে দুৰ্ব্যৱহাৰ কৰে বুলিও অভিযোগ-পত্ৰখনত উল্লেখ আছে।

 সমস্ত দুৰ্নীতি সন্দৰ্ভত এক সু-তদন্ত কৰি চক্ৰ বিষয়াজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আকন্দে জিলা উপায়ুক্তক আবেদন জনাইছে।

Your Comments