ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আজিৰে পৰা নগাঁৱত ৰাষ্ট্ৰীয় পূৰ্বোত্তৰ ৰঙ্গ উৎসৱ

nagaon_press meet

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সহযোগত কাইলৈৰ পৰা ৮ মাৰ্চলৈ ১০ দিনিয়াকৈ নগাঁৱত ৰাষ্ট্ৰীয় পূৰ্বোত্তৰ ৰঙ্গ উৎসৱ পালন কৰা হ'ব। আজি কল্লোল ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় প্ৰজোযনা ব্যৱস্থাপক পৰাগ শৰ্মাই কয়- এই মহোৎসৱৰ জৰিয়তে দেশৰ আন ৰাজ্যৰ নাটসমূহ উত্তৰ-পূবৰ বিভিন্ন ঠাইত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।

যাতে উত্তৰ-পূবৰ নাট্য প্ৰেমীসকলে আন ৰাজ্যৰ নাটসমূহৰ বিষয়ে, নাটসমূহৰ প্ৰদৰ্শনৰ কৌশল আদিৰ বিষয়ে জানিব পাৰে। তেওঁ লগতে উত্তৰ-পূবৰ উৎকৃষ্ট নাটসমূহ ভাৰতৰ অন্যান্য ৰাজ্যত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ২০১৪ চনৰ পৰা অনুষ্ঠিত এই উৎসৱ ইতিমধ্যে অসম, মেঘালয়, ছিকিম, নাগালেণ্ড ত্ৰিপুৰাত অনুষ্ঠিত হৈছে। এইবাৰ মধ্য অসমৰ নগাঁৱত এই উৎসৱৰ আয়োজন কৰা হৈছে।

কাইলৈৰ পৰা নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এই উৎসৱ অনুষ্ঠিত হ'ব।  সেই অনুসৰি কাইলৈ ২৭ ফেব্ৰুৱাৰীত বাংগালুৰুৰ গূল ই বাকবলী, ২৮ ফেব্ৰুৱাৰীত কূছিৰ কৰ্ণাভৰাম, ১ মাৰ্চত পুণেৰ মহানিৰ্ভাম, ২ মাৰ্চত চণ্ডিগড়ৰৰ লোহা কুট, ৩ মাৰ্চত কলকতাৰ হাম মুক্তাৰা, ৪ মাৰ্চত নতুন দিল্লীৰ আশ্বাদ কা এক দিন, ৫ মাৰ্চত জয়পুৰৰ দুদমান, ৬মাৰ্চত উদায়ানৰ কৰ্ট মাৰ্টেন, ৭ মাৰ্চত কলকতাৰ কালি গোলা আৰু ৮ মাৰ্চত মুম্বাইৰ সম্ৰাট অশোক নাটক মঞ্চস্থ কৰা হ'ব।

প্ৰতিদিনে নাট মঞ্চস্থ কৰাৰ আগত ২০ মিনিট কৈ সময় অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। সংবাদমেলত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সমন্বয়ক বিপ্লৱ বৰকাকতী, কল্লোলৰ লোহিত কলিতা, নৌশাদ আখটাৰ হাজৰিকা, শিবানন্দ কাকতি, আনোৱাৰ পাৰভেজ আদি উপস্হিত আছিল। উদ্যোক্তাসকলে এই মহোৎসৱ সফল কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰিছে।

Your Comments