শিশুৰ কাকলিৰে মুখৰিত হ'ল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি

a

শিশুৰ কলৰৱৰে দেওবাৰে মুখৰিত হৈ পৰিল নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালি । উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিনৰ কাৰ্যসূচী অনুসৰি পুৱা নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হয় ৰং আৰু সাধুৰ ধেমালি শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান । অকণিৰ সাহিত্য সভাৰ সঞ্চালক দুলাল বৰা আৰু চিত্ৰশিল্পী সুজিত দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত পাঁচ শতাধিক শিশুৱে অংশ লৈ ৰং-তুলিকাৰে প্ৰকৃতিৰ বিধ্বংসী ৰূপ প্ৰতিভাত কৰি তোলাৰ বিপৰীতে আন একাংশ শিশুৱে সাধুকোৱা , ৰচনা লিখা, কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশ লৈ নিজৰ নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰে ।

আন একাংশ শিশুৱে আকৌ সমান্তৰালভাবে বক্তৃতানুষ্ঠানখনতো অংশগ্ৰহণ কৰি পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় । শিশুৰ এই বিশেষ অনুষ্ঠানটিত বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱা, শিশু সাহিত্যিক নূপুৰ মোমাইদেউ , দিলীপ কুমাৰ বৰুৱা, লোক-সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই মনোগ্ৰাহী অনুষ্ঠানটিতে দেৱকান্ত হাজৰিকাৰ চিলা নামৰ এখনি শিশুনাটো মঞ্চস্থ কৰা হয় ।

ইফালে এই অনুষ্ঠানটিতে শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ কিচিৰ মিচিৰ টুটুত আৰু লক্ষী নাৰায়ণ বৰাৰ মইনাহঁতৰ সঁফুৰা নামৰ শিশু গ্ৰন্থ দুখনিও উন্মোচন কৰা হয় । গ্ৰন্থ দুখনি উন্মোচন কৰে ক্ৰমে লোক-সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধি আৰু বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাই । ইয়াৰ পিছতে বিয়লি গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হয় শৰতৰ আবেলি শব্দমুখৰ প্ৰতিধ্বনি শীৰ্ষক কাব্য-গীতৰ অনুষ্ঠান । সুৰৰ পানচৈ শিল্পী সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বহু কেইগৰাকী নবীন-প্ৰবীন, শিল্পী-সাহিত্যিক উপস্থিত থাকে। আনহাতে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে নৱৰূপ জাতীয় বিদ্যাপীঠে ।

এই সাংস্কৃতিক অনুষ্ঠানত নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে বণাৰ্ঢ্য কৃষ্টি-সংস্কৃতিৰ চানেকি ধৰিবলৈ সক্ষম হয় । ইফালে উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ পঞ্চমটো দিন উপলক্ষে গ্ৰন্থপ্ৰেমীৰে মুখৰিত হৈ পৰে নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰ । গ্ৰন্থ বিপণীসমূহত পচন্দৰ গ্ৰন্থ বিচাৰি ভিৰ কৰে গ্ৰন্থ অনৰাগীসকলে । নগাঁৱৰ এই গ্ৰন্থমেলাত নীলমণি ফুকনৰ 'সম্পূৰ্ণ কবিতা', উৎপল বৰুৱাৰ 'আলিমূৰৰ কেঁকুৰি' , মৃণাল তালুকদাৰৰ 'মান্দালয়' , জুৰি বৰা বৰগোহাঞিৰ 'আংকুশ' সৰ্বাধিক বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ।

Your Comments