নলবাৰী চহৰৰ কৃত্ৰিম বানপানী ৰোধৰ দাবীৰে SUCIৰ প্ৰতিবাদ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৭ জুনঃ

আজি The Socialist Unity Centre of India (Communist) চমুকৈ SUCI(C) ৰ উদ্যোগত নলবাৰী চহৰৰ জিলিঙনি চ'কত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নলবাৰী চহৰৰ কৃত্ৰিম বানপানী সমস্যাৰ বাবে নলবাৰী চহৰৰ বিশিষ্ট সমাজকৰ্মী জীতেন্দ্ৰ কুমাৰ জৈনৰ নেতৃত্বত SUCI(C)ৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । এজাক বৰষুণতে সমগ্ৰ নলবাৰী চহৰ কৃত্ৰিম বানপানীৰ কৱলত পৰে । নলবাৰী চহৰৰ আটাইকেইটা উপ-পথেৰে পানী বাগৰাৰ ফলত যাতায়াত ব্যৱস্থাত যথেষ্ট অসুবিধা হৈছে । নলবাৰীৰ অত্যন্ত ব্যস্ত পথ নলবাৰী-গুৱাহাটী সংযোগী হাজো ৰ'ডটোও আজি কৃত্ৰিম বানপানীৰ কবলত পৰে । এইক্ষেত্ৰত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, জিলা প্ৰশাসন আৰু নলবাৰী পৌৰসভাক অতি শীঘ্ৰে নলবাৰী চহৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা ল'বলৈ SUCI ৰ তৰফৰ দাবী উত্থাপন কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে SUCI(C) ৰ ৰাজ্যিক কাৰ্যবাহী সদস্য পল্লৱ পেগু আৰু কেনেডী পেগুয়ে। লগতে  উপস্থিত থাকে Democratic Students' Organisationৰ সদস্য আৰু কৰ্মীসকল ।

Your Comments