নলবাৰীৰ পাগলদিয়া নৈত অঘটন:বাঢ়নী পানীয়ে উটুৱাই নিলে নিৰ্মীয়মান দলঙৰ বিভিন্ন সামগ্ৰী

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ সন্ধাত নিৰ্মীয়মান অৱস্থাত থকা পাগলদিয়া নৈৰ পকী দলঙৰ বিভিন্ন সামগ্ৰী উটুৱাই নিলে নৈৰ বাঢ়নী পানীয়ে।উল্লেখযোগ্য যে নেৰা-নেপেৰা বৰষুণৰ ফলত পাগলদিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত নৈৰ ওপৰত নিৰ্মাৰত দলঙৰ আচবাব পানীয়ে উটুৱাই লৈ যায়।লগতে পানীত উটি যায় দলংখনত কাম কৰি থকা কেইবাগৰাকীও শ্ৰমিক।ইয়াৰ পিছতে শ্ৰমিক কেইগৰাকীক উদ্ধাৰ কৰে যদিও কিছু পৰিমাণে আঘাটপ্ৰাপ্ত শ্ৰমিকক চিকিৎসালয়ত ভৰ্ত্তি কৰায়।উল্লেখ‍্য যে ঠিকাদাৰৰ লেহেমীয়া নিৰ্মাণ কাৰ্য আৰু নিম্নমানৰ সামগ্ৰী ব‍্যৱহাৰ কৰাৰ বাবে এই অঘটন ঘটে বুলিও মন্তব্য কৰে।

Your Comments