হেলথ চিটী কৰ্তৃপক্ষই ৰোগী-অভিভাৱকৰ লগত সোমবাৰে উপযাপন কৰিলে প্ৰাক ভোগালী

Pic

অসমীয়াৰ হেঁঁপাহৰ ভোগালী বিহুত স্বাস্থ্যজনিত কাৰণত আপোনঘৰ- পৰিয়ালৰ পৰা আঁতৰি হেলথ চিটী চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগী, তেওঁলোকৰ অভিভাৱকৰ সৈতে সোমবাৰে চিকিৎসালয় কৰ্তৃপক্ষ উদযাপন কৰে প্ৰাক ভোগালী।

খানাপাৰাস্থিত চিকিৎসালয়খনৰ ৰোগী আৰু অভিভাৱকৰ সৈতে উদযাপন কৰা প্ৰাক ভোগালী উৎসৱত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সত্যজিৎ দাস,অভিনেত্ৰী মাধুৰীমা চৌধুৰী, ঢোলৰ ওজা সোমনাথ বৰা, কণ্ঠশিল্পী সুবাসনা দত্তৰ দৰে ব্যক্তিসকলে। চিকিৎসালয়ৰ চৌহদত আয়োজিত প্ৰাক ভোগালী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত মাঘবিহুৰ ঐতিহ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে ডঃ সত্যজিৎ দাসে। ঢোলৰ ওজা সোমনাথ বৰাই বিহু আৰু ঢোলবাদন প্ৰদৰ্শন কৰাৰ লগতে বিহু নৃত্য আৰু গীতৰ অনুষ্ঠান জীপাল কৰে অভিনেত্ৰী মাধুৰীমা চৌধুৰী আৰু সুবাসনা দত্তই।

Pic

হেলথ চিটী চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তী, সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰ, ফেচিলীটি সঞ্চালক পৰাগজ্যোতি দত্ত উপস্থিত থাকে। উল্লেখ যে সাংস্কৃতিক অনুষ্ঠানৰ অন্তত ৰোগী-অভিভাৱকসকলৰ মাজত ভোগালীৰ পৰম্পৰাগত পিঠা -পনা বিতৰণ কৰে।

Your Comments