মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণা শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ:পঢ়ি জানি লওঁক

#Assamgovt

*শিক্ষা সংসদৰ ঘোষণাক শিক্ষামন্ত্ৰীৰ নস্যাৎ,মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা*

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা।শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিলে এই কথা।

মন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি ১১মে'ৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত  বৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব।

পৰীক্ষাৰ্থীৰ সুবিধা হোৱাকৈ মন্ত্ৰীগৰাকীয়ে ফলাফল ঘোষণা কৰাৰ দিনো উল্লেখ কৰিছে টুইটটোত।৭জুলাইত ফলাফল ঘোষণা হ'ব মেট্ৰিকৰ।৩০জুলাইত উচ্চতৰ মাধ্যমিকৰ ঘোষণা হ'ব ফলাফল।

Pic

তাৎপৰ্যপূৰ্ণ যে শুকুৰবাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ডঃ ৰমেশ চন্দ্ৰ চুতীয়া আৰু অধ্যক্ষ ডঃ দয়ানন্দ বৰগোঁহাইয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল।কিন্তু  সচিব আৰু অধ্যক্ষই ঘোষণা কৰা ২৪ ঘণ্টাৰ পিছতে শিক্ষামন্ত্ৰীয়ে দুমাহ পিছুৱাই টুইটযোগে ঘোষণা কৰিলে পৰীক্ষাৰ নতুন সময়।

Your Comments