ড্ৰপলে’ট উৰি গ’লেও থাকি যাব পাৰে ক'ৰ’না ভাইৰাছ

Corona Spread

দীঘলীয়া লকডাউনৰ পাছত এতিয়া সকলোবোৰ ধীৰ গতিৰে স্বাভাৱিক অৱস্থালৈ আহিছে ৷ স্বাভাৱিকভাবেই আগৰ দৰেই সকলো শ্ৰেণীৰ নাগৰিক ৰাস্তালৈ ওলাইছে ৷ অ’ফিচলৈ গৈছে, কেণ্টিনত বহিছে, চাহ-কফি খাইছে ৷ বাছ-ট্ৰামত উঠোতে হাতলত ধৰিছে, অ’ফিচ-কাছাৰীৰ চকীত বহিছে, এই সকলোবোৰৰ মাজত শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাত বিফল হৈছে জনসাধাৰণ ৷ ফলস্বৰূপে আগতকৈ অধিক বিয়পিছে কৰ’না ভাইৰাছ ৷

মুম্বাইৰ IIT-ৰ এটা বিশেষ গৱেষণাত পৰিলক্ষিত হৈছে যে ড্ৰপলে’টৰ মাধ্যমেৰে অহা ভাইৰাছ একোটি  ১৫-২০ মিনিটৰ পাছত ড্ৰপলে’ট উৰি যোৱাৰ পাছতো ভাইৰাছবোৰ পৃষ্ঠতলত লাগি থাকে ৷ গৱেষণাৰ মতে ভাইৰাছবোৰ ষ্টিল বা তামৰ পৃষ্ঠতলত ১৬ ৰ পৰা ২৪ ঘণ্টা পৰ্যন্ত বাছি থাকিব পাৰে বা আনকো সংক্ৰমিত কৰিব পাৰে ৷ গৱেষক ৰজনীশ ভৰদ্বাজ আৰু অমিত আগৰৱালৰ মতানুসাৰে মাস্ক পৰিধান কৰিলে পুৰাপুৰি ভাইৰাছ ওলাই আহিব নোৱাৰা হৈ যায় তেনে নহয় মাত্ৰ বাধাপ্ৰাপ্ত হৈ কম সংখ্যকহে বাহিৰলৈ ওলাব পাৰে ৷ সেয়ে তেওঁলোকে দৰ্জাৰ হাতল, চকীৰ হাতল, বাছৰ চিট আদি সঘনাই হাতেৰে চুবলগীয়া হোৱা পৃষ্ঠবোৰ যিমান পাৰি চেনিটাইজ কৰিবলৈ পৰামৰ্শ দিছে ৷

Your Comments