নলবাৰীৰ ভুনুকুছিত হিন্দু ক্ৰান্তি দলৰ উদ্যোগত অনুষ্টুপীয়াকৈ লাচিত দিৱস পালন 

Nalbari

*প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নলবাৰীত স্থাপনৰ ঘোষণা অঞ্জন বৰ্মনৰ*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৪ নৱেম্বৰঃ


নলবাৰী জিলাৰ  ভুনুকুছি নামঘৰ প্ৰাংগণত আজি হিন্দু ক্ৰান্তি দল,নলবাৰী জিলা সমিতিৰ উদ‍্যোগত আজি লাচিত দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়।উল্লেখ‍্য যে কালি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগ হোৱা হেতুকে আজিৰ এই অনুষ্ঠানৰ সকলোবোৰ কাৰ্যসূচী বাতিল কৰি কেৱলমাত্ৰ ভাৰত মাতাৰ সম্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে সদ‍্যপ্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,শ্ৰদ্ধাঞ্জলি আৰু প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনাৰে অনুষ্ঠানৰ সামৰণি মাৰে।হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলা সভাপতি নিৰ্মল ৰাজবংশীয়ে আঁত ধৰা উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰে হিন্দু ক্ৰান্তি দলৰ নলবাৰী সমিতিৰ উপদেষ্টা অঞ্জন বৰ্মন,দীপক হালৈ,সাংগঠনিক সম্পাদক ৰুবুল মেধি,আন্তঃৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ,ভুনুকুছি গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক সনাতন ডেকা আদিয়ে।উক্ত অনুষ্ঠানৰ অন্তত হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা অঞ্জন বৰ্মনে লাচিত বৰফুকন আৰু প্ৰয়াত মুখ্যমন্ত্ৰী গগৈক শ্ৰদ্ধাৰে সুঁঁৱৰাৰ লগতে লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনায়।

Hindu Kranti Dal

লগতে অঞ্জন বৰ্মনে সাংবাদিকৰ আগত আগন্তুক তিনিবছৰৰ ভিতৰত সদ‍্য প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নলবাৰীত এটা প্ৰতিমুুৰ্তি স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে।

Your Comments