চিকিৎসা বিজ্ঞানৰ নামভৰ্তিত নতুন সংৰক্ষণৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

Minister

এইবাৰ কেন্দ্ৰীয় চৰকাৰে কৰিলে বিশেষ ঘোষণা ৷ কৰ’নাৰ বিৰুদ্ধে সমুখ সমৰত নেতৃত্ব দিয়া কৰ’না যোদ্ধাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে চিকিৎসা বিজ্ঞানৰ ২০২০-২১ শিক্ষাবৰ্ষৰ বাবে MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত নতুন এক সংৰক্ষন ব্যৱস্থাৰ শুভাৰম্ভ কৰিব বুলি ঘোষণা কৰিছে ৷ কেন্দ্ৰৰপৰা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনেএই কথা ঘোষণা কৰে ৷ এই নতুন কেটেগৰীটোৰ নাম হৈছে ‘Wards of COVID Warriors’। এই নতুন কেটেগৰীত মেডিকেল কলেজসমূহত MBBSপাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ক’ভিড যোদ্ধাৰ সন্তানসকলৰ বাবে ৫খন আসন সংৰক্ষিত থাকিব। এই সকল যোদ্ধাৰ ভিতৰত সন্নিৱিষ্ট হ’ব কৰ’নাৰ বিৰুদ্ধে কৰ্তব্য পালন কৰিবলৈ যোৱাৰ সময়ত কৰ’নাৰ কবলত পৰি  প্ৰাণ হেৰুওৱাবলগীয়া হোৱা চিকিৎসা কৰ্মী সকল - চিকিৎসক, নাৰ্ছ তথা আশা কৰ্মী সকল ।

Your Comments