গায়ন-বায়নৰে 'আছু'ৰ দুলীয়াজান অধিৱেশনৰ লাইখুঁটা স্থাপন

Aasu

সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ মূল মণ্ডপৰ লাইখুঁঁটা স্থাপন।ছলাকটকী ৰাজহুৱা খেলপথাৰত স্থাপন কৰে লাইখুঁঁটা।অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি সুৰেন্দ্র নাথ গগৈ আৰু 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ প্ৰমুখ্যে সদস্যসকলে স্থাপন কৰে লাইখুঁঁটা।গায়ন-বায়নৰ হৰিধ্বনিত স্থাপন কৰা হয় লাইখুঁঁটা।উল্লেখ যে অহা ১৮ নৱেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব আছুৰ সাধাৰণ অধিৱেশন।

Aasu

আছুৰ সপ্তদশ সাধাৰণ অধিৱেশনখন অসমীয়া জাতিৰ সন্ধিক্ষণত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।উক্ত অধিৱেশনতে আছুৰ নেতৃত্ব সলনি হ'ব।লগতে অসমৰ ৰাজনীতিত নতুন মুখৰ আবিৰ্ভাৱ ঘটিব বুলি ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে।

Your Comments