নীলকন্ঠ হৈ 'আছু'ৰ সেৱা কৰিছোঁ আৰু কৰি যাম-ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Dr.Samujjal Kumar Bhattacharya

*নিৰ্বাচনী ৰাজনীতিৰ বাহিৰত থাকি মৃত্যুৰ আগমুহূৰ্তলৈ 'আছু'ৰ হৈ কাম কৰি যাম- ড: ভট্টাচাৰ্য*


"দীঘলীয়া সময় অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিলোঁঁ।বৰ্তমান সুস্থ হৈছোঁ যদিও দুৰ্বল হৈ আছোঁ।চিকিৎসকৰ পৰামৰ্শ মতে ওলাব পৰা হৈ প্ৰথমে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনত উপস্থিত থাকোঁ।"দীৰ্ঘসময় সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি অৱশেষত এনেদৰে সংবাদ মাধ্যমৰ আগত মুখ খুলিলে 'আছু'ৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আছুৰপৰা শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সীমান্ত ঠাকুৰীয়াই ভট্টাচাৰ্য সন্দৰ্ভত কৰা মন্তব্যক অপবাখ্যা আখ্যা দিয়ে  মুখ্য উপদেষ্টাগৰাকীয়ে।পদত্যাগী নেতাগৰাকীয়ে দিয়া মন্তব্যক অগ্ৰাহ্য কৰা বুলি ভট্টাচাৰ্যই কয়।

ইফালে,আছু নেতৃত্বৰ মাজত সংঘাত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা সন্দৰ্ভত ড: ভট্টাচাৰ্যই কয়-"আছু সামূহিক নেতৃত্বত চলা সংগঠন।সামূহিক নেতৃত্বৰে সংগঠন চলাটো বিচাৰো।আছু হৈছে এটা সংগ্ৰামী সত্বা।যেতিয়া অসমৰ দুৰ্যোগ আহে,তেতিয়াই ৰাইজৰ সৈতে সংগ্রাম কৰে।ৰাইজে বিচাৰে আছু অৰাজনৈতিক হৈ থকাটো।গতিকে ৰাইজৰ মতক সদায় সন্মান কৰোঁঁ।আছু সদায় আছু হৈয়ে থাকিব।অৰাজনৈতিক চৰিত্ৰত আঘাত লগাব পৰা কোনো কাম কৰিবলৈ দিয়া নহ'ব।"

'মই সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ বিষয়ববীয়া।নীলকন্ঠ ৰূপ লৈ সকলোকে একেলগে লৈ কাম কৰি আছোঁঁ আৰু আগন্তক দিনতো নীলকন্ঠ ৰূপ লৈয়ে কাম কৰি যাম"-ভট্টাচাৰ্যই লগতে কয়।

আছুৰ সদস্যসকলক উদ্দেশ্য কৰি ভট্টাচাৰ্যই কয়-"শৰীৰৰ শেষ বিন্দু নিশ্বাস থকালৈকে আছুৰ প্ৰতি সেৱা আগবঢ়াই যাম।ৰাজনৈতিক দল আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু খিলঞ্জীয়া মানুহৰ বাবে কাম কৰি যাম।"

Your Comments