ক'ভিড পৰিস্থিতি:গুৱাহাটীত পূৰ্বৰ তুলনাত হ্ৰাস পাব দুৰ্গা পূজাৰ সংখ্যা

Durga Puja

ক'ভিড  প্ৰট'কল পালন কৰি দুৰ্গা পূজা আয়োজন কৰাৰ আহ্বান কামৰূপ(ম)জিলা প্ৰশাসনৰ।"ক'ভিড পৰিস্থিতি আমাৰ মাজত চলি আছে।তাৰ বিৰুদ্ধে যুুঁজ চলি থাকিব।নিয়ম-নীতি পালন কৰি দুৰ্গা পূজা পালন কৰিম"-এই মন্তব্য কামৰূপ(মহানগৰ)জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ।

ইফালে,পূৰ্বৰ দৰে দশমী আৰু তাৰ পিছদিনা কামৰূপ(ম) জিলাত ঘোষণা কৰা হ'ব ড্ৰাই ডে'।

স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি পূজাৰী-পূজা কমিটীয়ে কৰিব লাগিব ক'ভিড টেষ্ট।পূজাৰ এদিন আগত আৰু পূজা শেষ হোৱাৰ পিছত বাধ্যতামূলক টেষ্ট কৰিব লাগিব।

পূজাৰ সময়ছোৱাত আইন-শৃংখলা অটুট ৰখাৰ বাবে জিলা প্ৰশাসন সাজু হৈ থকা বুলিও উল্লেখ কৰে উপায়ুক্ত পেগুৱে।

দেৱী বিসৰ্জনৰ বাবে পূৰ্বৰ বছৰৰ দৰে ঘাট শসমূহ সাজু কৰি তোলা বুলি জানিবলৈ দিয়ে তেওঁ।বিসৰ্জনস্থলীত এনডিআৰএফ, এছডিআৰএফ সকলো সাজু হৈ থাকিব।

গুৰুত্বপূৰ্ণ যে পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত গুৱাহাটী মহানগৰীত হ্ৰাস পাব দুৰ্গা পূজাৰ সংখ্যা।পূজা কমিটীসমূহক আহ্বান জনাই উপায়ুক্তগৰাকীয়ে কয়-"অতিৰিক্তভাৱে এজন পুৰোহিত কমিটীসমূহে ৰখাৰ ব্যৱস্থা কৰক।যদি মূল পুৰোহিতজন ক'ভিড আক্রান্ত হয়,তেতিয়া অতিৰিক্ত পুৰোহিতগৰাকীয়ে সম্পাদন কৰিব পূজা।"

কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যালয়ত পূজা কমিটীসমূহৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত এই মন্তব্য প্ৰকাশ কৰে পেগুৱে।

Your Comments