কলিয়াবৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

কলিয়াবৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

১৯৬৬ চনৰ বেঙ্কক এছিয়াডত ৮০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল ভোগেশ্বৰ বৰুৱাই । সেই একে বৰ্ষতে ভাৰত চৰকাৰে ক্ৰীড়াবিদগৰাকীক ভাৰতীয় ক্ৰীড়াৰ সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰিছিল ।

অসমৰ প্ৰথম অৰ্জুন দৌৰবিদগৰাকীৰ আজি জন্মদিন পালন কৰা হয় কলিয়াবৰত । অৰ্জুনগৰাকীৰ সন্মানাৰ্থে সৰ্বপ্ৰথম নিৰ্মিত "অৰ্জুন ভোগেশ্বৰ বৰুৱা পেভিলিয়ন" নিজ হাতে উন্মোচন কৰিছিল কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ডাঃ টি আও গ্ৰাম‍্য ক্ৰীড়াঙ্গণত ২০০১ চনত ।

কলিয়াবৰত অভিৰুচি ক্ৰীড়া দিৱস পালন

আজি অৰ্জুনগৰাকীৰ জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে আন্তৰ্জাতিক খ‍্যাতিসম্পন্ন প্ৰবীণ খেলুৱৈ মিনু শইকীয়াই । অৰ্জুন ভোগেশ্বৰ বৰুৱা পেভিলিয়নতে জন্মদিনৰ কেক কাটে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্তই ।

খেলুৱৈগৰাকীৰ সন্মানাৰ্থে আয়োজন কৰা ৩৫সংখ‍্যক অভিৰুচি দৌৰত জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া তথা উদীয়মান খেলুৱৈসকলে ভাগ লয় । বিয়লিলৈ কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ মাজত এখনি প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত হয়‌ ।

কলিয়াবৰৰ প্ৰাক্তন ফুটবল খেলুৱৈ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ "প্ৰবীণ এথ্‌লিট" কমল নাথক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

Your Comments