কৃষক মুক্তিসহ ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম হ'ব 'ৰাইজৰ দল',সবিশেষ পঢ়ি লওঁক

Raijor Dal

অপেক্ষাৰ অৱসান ঘটাই কৃষক মুক্তিসহ ৭০ সংগঠনৰ উদ্যোগ ত জন্ম হ'ল 'ৰাইজৰ দল' নামেৰে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ।দলটোৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজ্যিক প্ৰস্তুতি সমিতিৰ উপদেষ্টা জাহ্নু বৰুৱাই।

গান্ধী জয়ন্তীৰ দিনটোত ঘোষণা কৰা নতুন ৰাজনৈতিক দলটোৰ মুখ্য ৰাজ্যিক আহ্বায়কৰ দায়িত্বত কৃষক নেতা অখিল গগৈ, লোহিত গগৈ,ভাস্ক'-ডি শইকীয়া প্ৰমুখ্যে বহুকেইজন নেতা।

উল্লেখ যে বিজেপি-আৰএছএছক উৎখাত কৰাৰ লগতে কংগ্ৰেছ-এআইইউডিএফক প্ৰতিহত কৰাৰ বাবে কৃষক মুক্তিসহ ৭০ সংগঠনে জন্ম দিয়া আঞ্চলিক ৰাজনৈতিক দলটোত বীৰ লাচিত সেনা আৰু অৰূপ বৰবৰা নেতৃত্বধীন সংযুক্ত আঞ্চলিক দলো চামিল হৈছে।'কা' বিৰোধী আন্দোলনত শক্তিশালী ভূমিকাত অৱতীৰ্ণ হোৱা 'বীৰ লাচিত সেনা'ৰ নেতা শৃংখল চলিহা নতুন ৰাজনৈতিক দলটোত জড়িত হৈছে।ইয়াৰ উপৰিও বীৰ লাচিত সেনাৰ বহুকেইজন নেতা জড়িত হৈছে দলটোত।

গুৱাহাটীৰ এখন হোটেলত ঘোষণা কৰা নতুন ৰাজনৈতিক দলটোত অভিনেত্ৰী জেৰিফা ৱাহিদ জড়িত হৈছে।

ৰাইজৰ দলৰ উপদেষ্টা মণ্ডলীত আছে বিশিষ্ট বুদ্ধিজীৱী ড: হীৰেন গোহাঁই,ডঃ নগেন শইকীয়া,উদয়াদিত্য ভৰালী,জাহ্নু বৰুৱা,পৃথ্বিৰাজ ৰাভাৰ দৰে ব্যক্তি সকল।

দল ঘোষণা কৰাৰ লগে লগে শঙ্খ,বৰকাঁঁহ-জয় আই অসম ধ্বনিৰে মুখৰিত হয় সমগ্ৰ পৰিৱেশ।

নতুন দলটোৰ ঘোষণা পূৰ্বে ৭০ সংগঠনৰ ৰাজনৈতিক প্ৰতিনিধিয়ে জাতিৰ পিতা মহাত্মা গান্ধী আৰু 'কা' আন্দোলনৰ পঞ্চশ্বহীদক স্মৰণ কৰি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।

আঞ্চলিক দলটো ঘোষণা কৰি জাহ্নু বৰুৱাই কয়-"খিলঞ্জীয়া অসমীয়াৰ বাবে আজি এটা ঐতিহাসিক দিন।কম সময়ৰ ভিতৰত সকলো সংগঠন একলগ হোৱাটো শুভ লক্ষণ"।লগতে তেওঁ-"আছুু-যুৱ ছাত্ৰ পৰিষদো এটা শক্তি,সকলোৱে একেলগ হোৱা লক্ষ্যৰে আগবাঢ়িছে।পৃথক পৃথক হৈ থকা কাৰো লক্ষ্য নাই।"

Your Comments