'এছআই'ৰ প্ৰশ্নকাকত ফাদিলত নাম সাঙোৰ খোৱা বিজেপি নেতা দ্বিবন ডেকাই ঘটনাৰ সন্দৰ্ভত কি কৈছে পঢ়ক

Pic

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত নাম সাঙোৰ খোৱা বিজেপি নেতা দ্বিবন ডেকাই অৱশেষত মুখ খুলিছে ঘটনা সন্দৰ্ভত।নিজৰ ফেচবুক পেজত ডেকাই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লিখিছে এইদৰে-"মই বিজেপি ২৪ বছৰ ধৰি কৰিছো;দল আৰু চৰকাৰক কেতিয়াও মই বিপদত পৰিবলৈ নিদিওঁ।যোৱা ২০/৯/২০২০ তাৰিখে হৈ যোৱা অসম আৰক্ষীৰ 'SI' পৰীক্ষা পতা কোম্পানীটোৰ লগত মই জড়িত আছিলো।মই ঠিক ১১ টা বাজি ২৮ মিনিটত WhatsAppযোগে প্রশ্নকাকতখন পাইছিলোঁ।লগে লগে মই প্ৰদীপ কুমাৰ ছাৰক গৌতম মেছৰ জৰিয়তে অৱগত কৰিছিলোঁ।যিহেতু প্ৰদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আছিল যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পুৰ্ণ স্বচ্ছ আৰু নিকাভাৱে হওঁক।লগে লগে প্রদীপ কুমাৰ ছাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ হাজাৰ হাজাৰ নিবনুৱাৰ কথা ভাবি তাৎক্ষণিকভাৱে পৰীক্ষাটো বন্ধ কৰি দিয়ে।তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো।অসম আৰক্ষী যিটো চক্ৰই প্ৰশ্নকাকত ফাদিল কৰিছে তাত বহুত ডাঙৰ মানুহ জড়িত হৈ আছে।উক্ত চক্ৰটোত অসম আৰক্ষীৰ বহুকেইজন অসৎ বিষয়া জড়িত হৈ আছে।তাত এনেকুৱা এজন বিষয়াও জড়িত হৈ আছে যিজনে বহু মানুহক গুপ্ত হত্যা কৰিছে।তেওঁ মোৰ দৰে সৰু মানুহক যেতিয়াই তেতিয়াই মাৰি পেলাব পাৰে,যাৰ বাবে নিজৰ প্ৰাণৰ শংকাত অসম এৰি অন্য এখন ৰাজ্যত থিতাপি ল'ব লগীয়া হ'ল।যেতিয়া পৰিস্থিতি সম্পূৰ্ণভাৱে শিথিল হ'ব,মই নিজেই সকলো কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত অৱগত কৰিম।এটা কথা অপপ্ৰচাৰ চলিছে মোৰ নিজা কিবা ছপাশাল থকা বুলি।যদি তেনেকুৱা কিবা প্ৰমাণ দিব পাৰে,অসম চৰকাৰে মোক ফাঁচী দিয়াৰ বাবে আহ্বান জনালোঁ।শেষত অসম চৰকাৰলৈ এটাই অনুৰোধ মোৰ অনুপস্থিতিত মোৰ পৰিয়ালৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব লয় যেন।"

Your Comments