ৰিবেল্‌ছ নাট্যগোষ্ঠীৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

ৰিবেল্‌ছ নাট্যগোষ্ঠীৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

নগাঁও চহৰৰ মাজমজিয়াত এদল সংস্কৃতিপ্ৰেমী কিশোৰ-কিশোৰীৰ অশেষ ত্যাগৰ ফলত গঢ়ি উঠিছিল ৰিবেল্‌ছ নাট্যগোষ্ঠী । সংস্কৃতিৰ পথাৰখনত নৱপ্ৰজন্মক আগুৱাই নিয়াৰ মানসেৰে গঢ় লৈ উঠা ৰিবেল্‌ছ নাট্যগোষ্ঠীয়ে সগৌৰৱেৰে এবছৰ অতিক্ৰম কৰিলে ।

সেই অনুসৰি নগাঁও নাট্য মন্দিৰত দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ষপুতি অনুষ্ঠানটি আয়োজন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পাছতেই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

ৰিবেল্‌ছ নাট্যগোষ্ঠীৰ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

বিয়লি একক নৃত্য প্ৰতোযোগিতাৰ পাছত সন্ধ্যা প্ৰয়াত গুণ মহন্তৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যুৱ অভিনেতা সোণমণি বেজবৰুৱাই । অনুষ্ঠানৰ শেষত মঞ্চস্থ কৰা হয় ধনঞ্জয় বৰদলৈৰ দ্বাৰা ৰচিত আৰু পৰিচালিত একাংকিকা নাট "বিভ্ৰান্তি" ।

আনহাতে, অনাগত দিনত সংস্কৃতিৰ ক্ষেত্ৰখনত যুৱ-প্ৰজন্মক লৈ এক আলোড়নৰ সৃষ্টি কৰিব বুলি ৰিবেল্‌ছৰ প্ৰতিষ্ঠাপক কস্তুৰি তালুকদাৰ আৰু ইন্দুকল্প ভড়ালীয়ে ব্যক্ত কৰে ।
 

Your Comments