"ভাৰতত ক'ৰ'না-সংক্ৰমণৰ স্থিতি গুৰুতৰ হৈ পৰা নাই"-'আইচিএমআৰ'ৰ মহা নিৰ্দেশক ডা:বলৰাম ভাৰ্গৱ

ভাৰতত ক'ভিড সংক্ৰমণৰ স্থিতি গুৰুতৰ হৈ পৰা নাই।অধিকভাৱে হোৱা সংক্ৰমণ চিন্তাৰ বিষয় নহয়।এই মন্তব্য 'আইচিএমআৰ'ৰ মহা নিৰ্দেশক ডাঃ বলৰাম ভাৰ্গৱৰ।ডাঃ ভাৰ্গৱে কয় যে ইউৰোপৰ দেশসমূহ আৰু আমেৰিকাতো ক'ভিড সংক্ৰমণ চৰম শিখৰত আছিল আৰু তাৰ পিছত ই কমিবলৈ ধৰিছিল।আমি ইউৰোপ-আমেৰিকাৰ পৰা শিক্ষা লৈ ভাৰতত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলোঁ,যাৰ বাবে ভাৰতত ক'ৰ'না-মৃত্যু অধিকভাৱে হোৱা নাই।ডাঃ ভাৰ্গৱে বৰ্তমান ইউৰোপ আৰু আমেৰিকাত ক'ৰ'না-সংক্ৰমণৰ দ্বিতীয়টো ঢৌ চলি থকা বুলিও উল্লেখ কৰে।

Your Comments