দুমুনিচকী মজলীয়া আৰু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত  স্মৃতি ৰোমন্থন অনুষ্ঠান

দুমুনিচকী মজলীয়া আৰু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত  স্মৃতি ৰোমন্থন অনুষ্ঠান

দৰঙৰ শতবৰ্ষ গৰকা দুমুনিচকী মজলীয়া বিদ্যালয় আৰু ৪১ বৰ্ষ গৰকা দুমুনিচকী ছোৱালী  উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী  আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ উদ্যোগত  আয়োজন কৰা হয় অগতানুগতিক অনুষ্ঠান স্মৃতি ৰোমন্থন সভা ।

দুমুনিচকী মজলীয়া আৰু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত  স্মৃতি ৰোমন্থন অনুষ্ঠান

অসম চৰকাৰৰ শিক্ষা বিভাগৰ আদেশমৰ্মে যোৱা ২৭ মাৰ্চত দুয়োখন বিদ্যালয় একত্ৰীকৰণ হৈ দুমুনিচকী হাইস্কুল, দৰং নাম পৰিগ্ৰহণ হৈছিল ।   এই উপলক্ষে দেওবাৰে অনুষ্ঠিত হয় উক্ত দুয়োখন বিদ্যালয়ৰ স্মৃতিসমূহক লৈ এখনি স্মৃতি ৰোমন্থন আৰু স্মৰণিকা উন্মোচনী সভা ।

দুমুনিচকী মজলীয়া আৰু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত  স্মৃতি ৰোমন্থন অনুষ্ঠান

দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত  সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ডঃ ভুৱনেশ্বৰ চহৰীয়াই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলী, বিশিষ্ট অতিথি ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া  ।

দুমুনিচকী মজলীয়া আৰু ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত  স্মৃতি ৰোমন্থন অনুষ্ঠান

উক্ত সভাতে দুয়োখন বিদ্যালয়ৰ স্মৃতিসমূহ ৰোমন্থন কৰি প্ৰকাশ কৰা  স্মৰণিকাখনিও  উন্মোচন  কৰা হয় । উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে । অনুষ্ঠানত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে । 

Your Comments