গোহালিলৈ পৰ্যৱসিত তামুলপুৰৰ উপ-স্বাস্থ্য কেন্দ্ৰ

গোহালিলৈ পৰ্যৱসিত তামুলপুৰৰ উপ-স্বাস্থ্য কেন্দ্ৰ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দ্বাৰকুছিৰ সমীপৰ নিজ ডেফেলি উপ-স্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি গোহালিলৈ পৰ্যৱসিত হৈছে । উল্লেখ্য যে বিগত ২০১৪-১৫ বৰ্ষত ১২.৫৬ লাখ টকা ব্যয়সাপেক্ষে নিজ ডেফেলি উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অভিযানৰ অনুদানেৰে ।

কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ল যদিও স্বাস্থ্য কেন্দ্ৰটো মুকলি কিন্তু নহ'ল আজিলৈকে । যাৰবাবে বিভিন্ন ৰোগত আক্ৰান্ত ১২/১৩খন গাঁৱৰ ৰাইজে সামান্য জ্বৰ-কাঁহ হ'লেও তামুলপুৰ, ৰঙিয়া, কাউৰবাহা আদি ঠাইলৈ যাবলগা হয় ।

উপ-স্বাস্থ্য কেন্দ্ৰটো মুকলি হ'লে গোপালপুৰৰ পাৰ্শ্বৱৰ্তী লাচি, কেকেৰিকুছি, কুমতিবাৰী, ডেফেলি, ঝাৰগাঁও, খৈৰাবাৰী, খাংখ্লাবাৰী, উত্তৰ গলবেৰা, টাঙোনমাৰা, পশ্চিম বৰলীয়াপাৰ আদিকে ধৰি ১২/১৩খন গাঁও উপকৃত হ'লহেঁতেন ।

সম্প্ৰতি উপ-স্বাস্থ্য কেন্দ্ৰটোৰ চাৰিওফালে হাবি-বননিয়ে আবৰি ধৰিছে আৰু ই পৰ্যৱসিত হৈছে এক গোহালিলৈ । নানা সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলবাসীয়ে শীঘ্ৰে চিকিৎসা উপ-কেন্দ্ৰটো কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

Your Comments