কৃষক মুক্তিৰ সৈতে ঐক্যবদ্ধ হ'ব নে 'অসম জাতীয় পৰিষদ'!পঢ়ক

অসম জাতীয় পৰিষদ

*অসম জাতীয় পৰিষদে পূৰ্ণাংগ ৰূপ যিদিনা পাব,সেই দিনাৰ পৰাই ঐক্যবদ্ধ ৰাজনৈতিক ধাৰা আৰম্ভ হ'ব-জগদীশ ভূূঞা*

 

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্ম হোৱা 'অসম জাতীয় পৰিষদ' কৃষক মুক্তি সংগ্রাম সমিতিৰ সৈতে ঐক্যবদ্ধ হ'ব নে নাই বৰ্তমান সময়তো স্পষ্ট হোৱা নাই।সোমবাৰে প্ৰত্যাশিত দলটোৰ নাম মুখ্য আহ্বায়কদ্বয় ড: কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাই ঘোষণা কৰাৰ পিছতো কৃষক মুক্তিৰে নতুন দলটো ঐক্যবদ্ধ হ'ব নাই সেয়া স্পষ্ট নহ'ল।"অহা নৱেম্বৰত দলটোৰ ৰাজনৈতিক অভিৱৰ্তনত কেন্দ্ৰীয় সমিতি গঠনৰ পিছত ৰাজনৈতিকভাৱে দলে সিদ্ধান্ত ল'ব কাৰ কাৰ লগত ঐক্যবদ্ধ হ'ব"-ড: কৃষ্ণ গোপাল ভট্টাচাৰ্যই কয়।"পৰামৰ্শদাতা কমিটীৰ পৰামৰ্শৰ ভিত্তিত দল গঠন কৰা হৈছে।ঐক্যবদ্ধ ৰাজনীতিৰ কথা কমিটীয়ে কৈছে।দলে নিৰ্ধাৰণ কৰিব কাৰ লগত যাব"- লগতে তেওঁ কয়।

ৰাজনৈতিক দলটোৰ সাংগঠনিক কমিটী গঠনৰ বাবে ৰাজ্যিক সমন্বয়ক প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাক নিযুক্তি দিয়া হৈছে।দায়িত্ব গ্ৰহণ কৰিয়েই ভূঞাই কয়-"দলটো গঠনৰ বাবে যিখন আহ্বায়ক সমিতি গঠন কৰি দিয়া হৈছে,সেই আহ্বায়ক সমিতিয়ে দলৰ নেতৃত্ব গ্ৰহণ কৰা নাই।দলৰ সাংগঠনিক বুনিয়াদ গঢ়ি ৰাজনৈতিক অভিৱৰ্তন কৰালৈকেহে আমাৰ দায়িত্ব।অভিৱৰ্তনত এখন কমিটী গঠন হ'ব।সেই কমিটীয়েহে দলক নেতৃত্ব দিব।"

"পৰামৰ্শদাতা কমিটীয়ে দিয়া পৰামৰ্শ অনুসৰি আছু-পৰিষদে স্পষ্টভাৱে উল্লেখ কৰিছে ঐক্যবদ্ধ ৰাজনৈতিক শক্তিৰ কথা।তাৰ পিছতো একাংশই কিয় বিষয়টোক বিতৰ্ক মাজলৈ নিব বিচাৰিছে সেয়া ৰহস্যৰ কথা"- ভুঞাই লগতে কয়।

অসম জাতীয় পৰিষদে যিদিনা পূৰ্ণাংগ ৰূপ লাভ কৰিব,সেই দিনাৰ পৰা অসমত ঐক্যবদ্ধ ৰাজনৈতিক  সংগ্রাম-ধাৰা আগবঢ়াই নিবলৈ কৰণীয় পদক্ষেপ ল'ব।

Your Comments