সোমবাৰে ঘোষণা কৰা হ'ব 'আছু'-পৰিষদৰ ৰাজনৈতিক দলটোৰ নাম!

New Political Party

*২১জনীয়া আহ্বায়ক সমিতিত কোন কোন থাকিব জানি লওঁক*

জল্পনা-কল্পনাৰ অৱসান ঘটাই সোমবাৰে ঘোষণা কৰা হ'ব 'আছু'-যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দলৰ নাম।মুখ্য আহ্বায়ক ড: কৃষ্ণ গোপাল ভট্টাচাৰ্য,বসন্ত ডেকাই গুৱাহাটীৰ এখন হোটেলত এক সংবাদমেল যোগে ঘোষণা কৰাৰ সম্ভাৱনা আছে দলটোৰ নাম।ৰাজনৈতিক দলটোৰ পূৰ্ণ আহ্বায়ক সমিতিৰ তালিকা সোমবাৰে প্ৰকাশ কৰিব মুখ্য আহ্বায়কদ্বয়ে।

উল্লেখ যে ২১ জনীয়া আহ্বায়ক সমিতিত কোন কোন থাকিব,ইতিমধ্যে চূড়ান্ত হৈছে।আছুৰ সদ্য পদত্যাগী দুই নেতা চিত্তৰঞ্জন বসুমতাৰী,ৰাজু ফুকন থাকিব কমিটীত।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পৰা থাকিব পলাশ ৰঞ্জন বৰুৱা,দীপক হাজৰিকা,বিশ্বজিৎ টিপমীয়া।চৰ্চাত আছে চন্দন সন্দিকৈৰ নাম।ইয়াৰ উপৰিও আহ্বায়ক সমিতিত থাকিব অদীপ কুুুমাৰ ফুকন,জগদীশ ভূঞা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী লাকীমণি বৰুৱা,হৰেন চুতীয়া,অধিবক্তা জান বৰুৱা,বীৰেশ্বৰ মেধি।

গুৰুত্বপূৰ্ণ যে খবৰ অনুসৰি নতুন ৰাজনৈতিক দলটোৰ নাম হ'ব পাৰে 'অসম আঞ্চলিক পৰিষদ'।

দেওবাৰে গুৱাহাটীত মুখ্য আহ্বায়কদ্বয় আৰু একাংশ সদস্যই দলটোৰ সংবিধানৰ খচৰা সন্দৰ্ভত আলোচনা কৰাৰ লগতে সংগঠনটো আগবঢ়াই নিয়াৰ ৰণনীতি ঘোষণা কৰে।সোমবাৰে পুনৰ বৈঠকত মিলিত হৈ দুপৰীয়াৰ ভাগত ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত দলটোৰ নাম।

Your Comments