গৃহ জিলাত মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে আছুৰ বিক্ষোভ

গৃহ জিলাত মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে আছুৰ ক্ষোভ

দিনক দিনে শোচনীয় ৰূপ লৈছে উজনিৰ ৰাষ্ট্ৰীয় ঘাইপথে । যিকোনো মুহূৰ্তত ভয়াৱহ পথ দুৰ্ঘটনাৰ আশংকাই গা কৰি উঠিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ ।

আনকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা ইমানেই শোচনীয় ৰূপ লৈছে যে পথৰ মাজত ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হোৱাত সম্প্ৰতি মৰণফান্দলৈ গতি কৰিছে ।

পথৰ দুৰৱস্থা অধিক শোচনীয় হৈ অহাত ডিব্ৰুগড়ৰ চাউলখোৱাত গাড়ীৰ পৰা নামি মুখ্য মন্ত্ৰী সোণোৱালে ৩০ ঘণ্টাৰ ভিতৰত মেৰামতিৰ নিৰ্দেশ দিছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক ।

গৃহ জিলাত মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে আছুৰ ক্ষোভ

কিন্তু ২৪ ঘণ্টাৰ পিছত মাটি আৰু বালি পেলায়েই পথ মেৰামতিৰ নামত জোৰা-টাপলি মাৰিলে ঘাইপথ প্ৰাধিকৰণে । ইপিনে মুখ্য মন্ত্ৰী সোণোৱালকো ভেঙুচালি কৰা বিভাগটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সদৌ অসম ছাত্র সন্থাই আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ডিব্ৰুগড়ৰ চাউলখোৱাত আজি আছুৰ নেতৃত্বই প্ৰায় ১ ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰে । উল্লেখ্য যে মুখ্য মন্ত্ৰী সোণোৱাল আজি ডিব্ৰুগড়স্থিত বাসগৃহতে আছে ।

আজি মুলুকগাঁওস্থিত জন্মগাঁৱত অনুষ্ঠিত এখন সভালৈ যোৱাৰ পিছতে আছুৱে পথটো অৱৰোধ কৰি প্ৰতিবাদ কৰে । আনহাতে, আছুৱে মুখ্য মন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰা বিভাগটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । 

Your Comments