সোণাৰিত ৰাইজে লণ্ডভণ্ড কৰিলে ধৰ্ষণত অভিযুক্তৰ বাসগৃহ

সোণাৰিত ৰাইজে লণ্ডভণ্ড কৰিলে ধৰ্ষণত অভিযুক্তৰ বাসগৃহ

চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰৰ নিশা এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক পৰিয়ালৰ লোকে ধৰ্ষণ কৰি হত্যা কৰা বুলি আভিযোগ কৰাৰ পাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

পৰিয়ালৰ অভিযোগ মতে, যোৱা শুকুৰবাৰে ঘৰৰ ওচৰতে পূজা চাবলৈ যোৱাৰ সময়ত লম্পট ভণ্ড তান্ত্ৰিক গনেশ বণিক দাসে ভাবুকি প্ৰদান কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ।

সোণাৰিত ৰাইজে লণ্ডভণ্ড কৰিলে ধৰ্ষণত অভিযুক্তৰ বাসগৃহ

কিশোৰীগৰাকীয়ে উপায়ন্তৰ হৈ আত্মহনন কৰিবলৈ চেষ্টা কৰে যদিও মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক পুনৰ লম্পট  গনেশ বণিক দাসে ডিঙি চেপি হত্যা কৰে বুলি পৰিয়ালৰ লোকে মন্তব্য কৰে । 

পূৰ্বতেও লম্পত গনেশ বণিক দাসে তেনে ঘটনা কেইবাবাৰো সংঘটিত কৰিছে । ক্ষুব্ধ ৰাইজে হত্যাকাৰী গনেশ বণিক দাসৰ বাসগৃহ লণ্ডভণ্ড কৰি এক উত্তপ্ত পৰিস্থতিৰ সৃষ্টি কৰে । ইফালে লম্পট গনেশ বণিক দাসে পলায়ন কৰিবলৈ সক্ষম হয় ।

বৰ্তমান সোণাৰি আৰক্ষীয়ে অভিযুক্ত গনেশক বিচাৰি অভিযান অব‍্যাহত ৰাখিছে ।

Your Comments