ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত জিলিকিল গহপুৰৰ খেলুৱৈ

ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বিপত জিলিকিল গহপুৰৰ খেলুৱৈ

দিল্লী কিক্ বক্সিং ফেডাৰেচনৰ উদ্যোগত তালকোটৰা ষ্টেডিয়ামত অনুষ্ঠিত দশম ছাব জুনিয়ৰ আৰু একাদশ জুনিয়ৰ ৰাষ্ট্ৰীয় কিক্‌ বক্সিং চেম্পিয়নশ্বিপত উজলিল গহপুৰৰ খেলুৱৈ ।

যোৱা ২৭ আগষ্টৰ পৰা ৩০ আগষ্টলৈকে অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক্‌ বক্সিং প্ৰতিযোগিতাত সদৌ অসম কিক্ বক্সিং ফেডাৰেচনক প্ৰতিনিধিত্ব কৰি খেলুৱৈসকলে ৪টা স্বৰ্ণ, ২টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

প্ৰতিযোগিতাখনিত প্ৰতিভা টায়ে সোণ আৰু ৰূপৰ পদক, নীৰজ আচাৰ্যই সোণ, দিব্য আচাৰ্যই সোণ আৰু ৰূপ, নীৰজ কৰটেলে সোণৰ পদক, প্ৰেম সোণাৰীয়ে ৰূপ আৰু ঋষি সোণাৰী, গগন কৰটেলে এটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

 দেওবাৰে বিয়লি গহপুৰ ৰে'লৱে' ষ্টেচনত উপস্থিত হোৱা খেলুৱৈ দলটোৰ লগতে প্ৰশিক্ষক ৰিতুৰাজ বিশ্বকৰ্মাকো ৰে'লৱে' ষ্টেচনতে উষ্ম আদৰণি জনায় গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দণ্ডিৰাম বৰা, গহপুৰ জিলা ক্ৰীড়া সন্থা, টি এম পি কেৰ বুৰৈ আঞ্চলিক, গোৰ্খা ছাত্ৰ সন্থাৰ গমিৰি আঞ্চলিক আৰু অজস্ৰ ক্ৰীড়াপ্ৰেমী ৰাইজে ।

Your Comments