থেকেৰাগুৰিৰ পৰা আঁহতগুৰিলৈ এজাক মহিলাই গঢ়িছে স্বনিৰ্ভৰশীলতাৰ বিপ্লৱ

থেকেৰাগুৰিৰ পৰা আঁহতগুৰিলৈ এজাক মহিলাই গঢ়িছে স্বনিৰ্ভৰশীলতাৰ বিপ্লৱ

নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী থেকেৰাগুৰিৰ বিখ্যাত ডাবৰ বজাৰখনৰ কথা শুনিছে নিশ্চয় ৷ ৭০ দশকতে গঢ় লৈ উঠা বজাৰখন বৰ্তমান সম্প্ৰসাৰিত হৈছে আঁহতগুৰি পৰ্যন্ত ৷

ডাবৰ বজাৰখনৰ সমান্তৰালকৈ শেহতীয়াকৈ ৪/৫ বছৰমানৰ পৰা গঢ় লৈ উঠিছে বাঁহ-বেতৰ এখন থলুৱা বজাৰ ৷ প্ৰায় প্ৰতিখন ডাবৰ দোকানত শাৰী শাৰীকৈ ওলোমাই থোৱা দেখিব নিত্য প্ৰয়োজনীয় ডলা-চালনিৰ পৰা আৰম্ভ কৰি জাকৈ-খালৈ, পল আদিৰ লগতে ড্ৰয়িং ৰুমত সজোৱা সামগ্ৰীলৈকে ৷

থেকেৰাগুৰিৰ পৰা আঁহতগুৰিলৈ এজাক মহিলাই গঢ়িছে স্বনিৰ্ভৰশীলতাৰ বিপ্লৱ

গুৱাহাটীৰ পৰা বা নগাঁৱৰ পৰা গুৱাহাটী অভিমূখে যাত্ৰা কৰিলে আপুনি দেখিব ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে প্ৰায় ৩০/৪০খন দোকানত ওলোমাই থোৱা এই থলুৱা বাঁহ-বেতৰ সামগ্ৰীসমূহ ৷

লক্ষণীয় এই যে দোকানসমূহৰ প্ৰায় সকলো গৰাকীয়ে হ’ল মহিলা ৷ মহিলাসকলে ডাবৰ লগতে থলুৱা এই সামগ্ৰীসমূহ বিক্ৰী কৰি দিনটোত কমেও ২/৩ হাজাৰ টকা উপাৰ্জন কৰি এটি এটি পৰিয়াল সুন্দৰকৈ পোহপাল দিবলৈ সক্ষম হৈছে ৷

অঞ্চলটোত গঢ় লৈ উঠা এই বজাৰখন এতিয়া বহু লোকৰ জীৱিকাৰ সম্বল হৈ পৰিছে ৷ নিশ্চিতভাৱে ই এক শুভ সংবাদ সাম্প্ৰতিক পৰিস্থিতিত ৷

Your Comments