সোণাৰিত প্ৰয়াত সাংবাদিক গদাধৰ চুতীয়া সোঁৱৰণি আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

debat_assam

 সোণাৰি ছাত্ৰ ভাৰতীৰ উদ্যোগত আজি এখনি আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। সদনৰ মতে, "নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীৰ সৃজনশীলতা আৰু উদ্ভাৱন শক্তিক বাধা দিছে" বিষয়ক তৰ্ক প্ৰতিযোগিতাখনত চৰাইদেউ জিলাৰ বিভিন্ন বিদ্যালয়ৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । প্ৰয়াত সাংবাদিক তথা সোণাৰিৰ সমাজ জীৱনৰ বাটকটীয়া  গদাধৰ চুতীয়া সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাখনত শিক্ষাবিদ মণি গগৈ অধ্যক্ষ হিচাপে উপস্থিত থকাৰ লগতে সাংবাদিক হানচেং কোঁৱৰ আৰু অধিবক্তা নবিউৰ ইছলাম বড়া বিচাৰক হিচাপে উপস্থিত থাকে ।

debat_

সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক সুনীল দত্তই উদ্বোধন কৰা প্ৰতিযোগিতাখনিত প্ৰতিযোগীসকলৰ বক্তব্যত স্বৰ্ণকণ্যা হিমা দাস, উদ্ভাৱক উদ্ধৱ ভৰালী আদিৰ সাফল্যৰ প্ৰসংগই স্থান লাভ কৰাৰ লগতে সাম্প্ৰতিক প্ৰসংগই স্থান লাভ কৰে। ইফালে প্ৰতিযোগিতাখনিত সোণাৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জিজ্ঞাসী ৰাজকুমাৰী শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত হোৱাৰ লগতে মাহমৰা হাইস্কুলৰ নয়নশিখা কোঁৱৰ দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক আৰু সোণাৰি জাতীয় বিদ্যালয়ৰ মনশিখা শইকীয়াই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

Your Comments