মাদাৰ বৃদ্ধাবাসে পালে এক স্থায়ী ঠিকনা

mother_ghy

স্থায়ী ঠিকনা লাভ কৰি আইতা-ককাহঁতৰ আনন্দৰ যেন সীমা নাই৷ কাৰণ এতিয়াৰ পৰা তেওঁলোকৰো হ'ব এখন নিগজি ঘৰ । য'ত এতিয়াৰ পৰা জীৱনৰ অন্তিমটো ক্ষণলৈকে হাঁহি আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব এই আইতা-ককাহতে । ৬ বছৰত ১২ বাৰকৈ ভাড়াঘৰ সলনি কৰাৰ পিছত এতিয়া ৬০ গৰাকী আইতা-ককালৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।  মাদাৰ বৃদ্ধাবাসৰ বাবে মাটি দান কৰিছে অভিযন্তা অৰ্ণব মহন্তই । তাত থকা আইতাসকলে জনায় যে স্থায়ী ঠিকনা লাভ কৰি তেওঁলোক যথেষ্ট সুখী ।

mother_assam

মহানগৰীৰ মঠঘৰীয়াত এতিয়া আইতা-ককাহতৰ বাবে নিৰ্মান হ'ব পঞ্চম মহলাৰ এটি অট্টালিকা । কিন্তু তাৰ কাৰণে মাদাৰ বৃদ্ধাবাসক লাগিব যথেষ্ট মূলধন । মাদাৰ বৃদ্ধাবাসৰ পৰিচালক উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাই জনায় যে বহু লোকে ইতিমধ্যে তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে । নগদ ধন আৰু আমানত ধন মিলাই বৰ্তমান লৈকে ৫৯ লাখ টকা জমা হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া আইতা-ককালৈ বিভিন্নজনে  বহু পৰিমাণে সাহায্য আগবঢ়াইছে। লগতে তেওঁলোকে অনুৰোধ জনায় যে যদি কোনো সদাসয় ব্যক্তিয়ে তেওঁলোকক সহায় আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহলে ইচ্ছুক ব্যক্তিয়ে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে।

Your Comments