হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিবাৰ্চনত এবিভিপি-ৰ অাধিপত্য

abvp_collage

নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ শিক্ষাৰ বাটকটীয়া হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বিগত বছৰৰ দৰে এই বছৰো শনিবাৰে আনন্দ উল্লাহেৰে মহাবিদ্যালয়ৰ প্ৰাঙ্গনত সম্পন্ন হয়। ৫ টাকৈ পদবী আজুৰি মহাবিদ্যালয়খনৰ বৃহৎ দখলত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ । এই সাফল্যৰ পাছতেই আনন্দ-উল্লাহৰ মাজেৰে এক বাইক ৰেলীৰে শোভাযাত্ৰা কৰে ।

বিজয়ী পাৰ্থীসকল হৈছে আলোচনী সম্পাদক : সৌৰভ কুমাৰ বৰা (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ), সাংস্কৃতিক সম্পাদক : মধুৰ্য্য প্ৰতিম শইকীয়া (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ), দুখীয়া পুঁজি সম্পাদক : জ্ঞানজ্যোতি শইকীয়া (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ), ছাত্ৰ জিৰণি কোঠা সম্পাদক : সত্যজিৎ হীৰা (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) আৰু ক্ৰীড়া সম্পাদক : পিনচু বণিয়া (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) ।

মহাবিদ্যালয়খনৰ  শৈক্ষিক, আন্ত:গাঁঠনিৰ ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অহোপুৰুষাৰ্থ কৰিব বুলি এ বি ভি পিৰ কৰ্মকৰ্ত্তা সকলে জনাইছে । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জয়ী প্ৰাৰ্থীসকলক দলংঘাট মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰিপুঞ্জয় শইকীয়া, দলংঘাট মণ্ডলৰ যুৱ মৰ্চাৰ মহাবিদ্যালয় তত্বাবধায়ক চান্টু শইকীয়াই । ইফালে তিনিটাকৈ পদ আছুৱে দখল কৰিবলৈ সক্ষম হৈছে ।

Your Comments