নৃত্যাঞ্জলী কলা কৃষ্টি কেন্দ্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সামৰনি

tamulpur_assam

তামুলপুৰ সমুহীয়া ভৱনত  দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালিৰে পৰা  অনুষ্ঠিত হোৱ নৃত্যাঞ্জলী কলা কৃষ্টি কেন্দ্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ  আজি সামৰনি পৰে । আজি দুপৰীয়া কথা-সুৰ আৰু নাচেৰে " শীৰ্ষক  নৃত্য-গীতৰ অনুষ্ঠানটো উদ্বোধন কৰে তামুলপুৰৰ সাংস্কৃতিক কৰ্মী মদন মোহন শৰ্মাই ।  অনুষ্ঠানটো উদ্বোধন কৰি দিয়া ভাষনত শৰ্মাই কয় - "তামুলপুৰ অঞ্চলত কন-কন ল'ৰা-ছোৱালীবোৰে নৃত্য-গীত, কলা আদি চৰ্চাৰ ক্ষেত্ৰত বিশেষ আগবাঢ়িব পৰা নাছিল ৷

কিন্তু উদীয়মান সাংস্কৃতিক যুৱক দেৱজিত ৰাজবংশীৰ অহোপুৰুষাৰ্থতাৰ ফলত  তেওঁ জন্ম দিয়া "নৃত্যাঞ্জলী কলা কৃষ্টি কেন্দ্ৰ" ৰ জৰীয়তে অঞ্চলটোৰ ল'ৰা-ছোৱালী আগুৱাই যাবলৈ সক্ষম হৈছে । বক্তব্য প্ৰসঙ্গত শৰ্মাই কয় - মবাইল সংস্কৃতিয়ে ল'ৰা-ছোৱালীক গ্ৰাস কৰা গুৰুত্বপুৰ্ন সময়খিনিত যদি ল'ৰা-ছোৱালীক  নৃত্য-গীত আদিৰ চৰ্চাত মনোনিৱেশ কৰাব  পাৰে তেনেহ'লে  উপকৃত হ'ব ।

tamu

ইয়াৰ পিচতেই সমাজ সেৱীকা হিৰন্ময়ী দাসৰ স্ব -ৰচিত এটি সমবেত গীত পৰিৱেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । অনুষ্ঠানত মুখ্য অতিথিহিচাবে অংশ গ্ৰহন কৰি বাৰ্তা পখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই ক্য় - "সংগীত জীৱনৰ অমূল্য সম্পদ । সংগীত বেয়া পোৱা মানুহ  পৃথিৱীত নাই ।  বক্তব্য প্ৰসঙ্গত  ডেকাই কয় - তামুলপুৰ  এখন সাংস্কৃতিকভাবে চহকী অঞ্চল আৰু এই অঞ্চলত থকা  বিশটাতকৈ  অধিক জনগোষ্ঠীৰ সুকীয়া সুকীয়া কৃষ্টি আছে আৰু সেইবাবে তামুলপুৰ অনৈক্যৰ মাজত ঐক্যৰ ধ্বজাবাহক ।

অনুষ্ঠানত সংবাদ মাধ্যমক বাতৰি প্ৰচাৰৰ  ক্ষেত্ৰত  গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰি কয়-  নৃতাঞ্জলী কলাকৃষ্টি কেন্দ্ৰই পৰিৱেশন কৰা অনুষ্ঠানৰ দৰে গুৰুত্বপুৰ্ন অনুষ্ঠান সংবাদ মাধ্যমে প্ৰচাৰ নকৰে । বক্তব্য প্ৰসঙ্গত সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা বাক্সা জিলাৰ দুগৰাকী কৃতী শিক্ষাৰ্থীৰ বাতৰি প্ৰিন্ট মিডিয়া আৰু ইলেকট্ৰনিক মিডিয়াই প্ৰচাৰ নকৰিলে ।

tamulpur

" ইয়াৰ পিচতেই নৃত্যাঞ্জলী কলা কৃষ্টি কেন্দ্ৰৰ শিল্পীসকলে নৃত্যগীত পৰিৱেশন কৰে ।অনুষ্ঠানত যোগদান কৰি বিহু বিশেষজ্ঞ ড.প্ৰসন্ন গগৈয়ে কয় যে সৃষ্টিশীল কামে মানুহৰ মন ভালে ৰাখে।উঠি অহা প্ৰজন্মক পঢ়া  শুনাৰ লগতে কলা-সংস্কৃতিৰ দিশতো আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়।আজিৰ নৃত্যাঞ্জলি কলা-কৃষ্টি কেন্দ্ৰৰ সামৰণি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত কথা-সুৰ আৰু নাচেৰে নৃত্যাঞ্জলি কলা-কৃষ্টি কেন্দ্ৰ শীৰ্ষক অনুষ্ঠানত সংগীত শিল্পী অৰ্চনা কৌশিক,নৃত্য পৰিচালক ৰাজু ৰাভা ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহা বিদ্যালয়ৰ প্ৰবক্তা চিন্তা মণি মলীয়া আদিয়েও ভাষণ দিয়ে।  

ইয়াৰ অগেয়ে অজি পুৱা  প্ৰশিক্ষক  আৰু  অভিভাৱকসকলৰ দ্বাৰা  পৰিৱেশ নিকাকৰন কাৰ্যসূচী সম্পন্ন কৰা হয় ।  যোৱাকালি পুৱা পতাকা উত্তোলন কৰে নৃত্যাঞ্জলী কলা কৃষ্টি কেন্দ্ৰৰ সভাপতি সমীন বৰ্মনে ।  বন্তি প্ৰজ্বলন কৰে  সমাজকৰ্মী হৰেশ্বৰ কলিতাই ।  প্ৰতিযোগিতৰ মঞ্চ উদ্বোধন কৰে তামুলপুৰ মহকুমা সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া যুগান্ত বায়নে ।  ইয়াৰ পিচতেই সংগীত, আধুনীক নৃত্য আৰু বিহু নাচ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

Your Comments