ব্যতিক্ৰমী পদক্ষেপেৰে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ত সমন্বয় দিৱস উদযাপন 

book_assa,

বিহপুৰীয়া সমষ্টি বাসী ৰাইজৰ সহযোগত নাৰায়ণপুৰ মহাত্মা গান্ধী আৰ্দশ চিকিৎসালয়ত কালিৰে পৰা দুদিনীয়াকৈ অনুস্থিত হোৱা পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস 'সমন্বয়' দিৱসটিৰ আজি সামৰণি পৰে ৷ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত সমন্বয় শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট যুৱ নেতা তথা সমাজকৰ্মী অচ্যুৎ শইকীয়াই ৷

১১ বজাত চিকিৎসালয়ৰ প্ৰাচীৰ পত্রিকাখন উন্মোচন কৰে মাধৱদেৱ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক যোগেন তামুলীয়ে ৷ পুৱা ১১-৩০ বজাত উদযাপন সমিতিয়ে চিকিৎসালয়খনৰ চিকিৎসক ডা.অতুল চন্দ্ৰ খাউণ্ড, ডাঃ ধৰ্মেন্দ্ৰ পেগু, ডা: বিজিত দেউৰী আৰু অৱসৰপ্ৰাপ্ত চিকিৎসাকৰ্মী দময়ন্তী ফুকনক সম্বৰ্ধনা জনোৱাৰ লগতে শিশু সাহিত্য একাডেমী বঁটা প্ৰাপ্ত নাৰায়ণপুৰৰ কন্যা প্ৰাৰ্থনা শইকীয়া,আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ হৃদয় হাজৰিকা, সৰ্বভাৰতীয় ভলীবল সন্থাৰ সমন্বয়ক তথা অসম ভলীবল সন্থাৰ কোষাধ্যক্ষ, ক্ৰীড়া সংগঠক পুতুল বৰুৱাক সম্বৰ্ধনা জনোৱাৰ উপৰি নাৰায়ণপুৰত ১৯৩৬ চনৰ পূৰ্বে  বিদ্যালয় স্থাপনৰ বাবে নিজৰ গাঁঠিৰ ধন ডাকঘৰত জমা কৰি আদৰৰ পাত্ৰ হোৱা প্ৰয়াত  মাণিক হাজৰিকাৰ পৰিয়াল আৰু নাৰায়ণপুৰত ১৯৫০ চনতে চিকিৎসালয় স্থাপনৰ বাবে আগবঢ়োৱা আৰ্থিক অনুদানৰ বাবে মেঘৰাজ ৰাম গোপালদেৱৰ পৰিয়ালবৰ্গক ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় ৷

cbook

বিয়লি ১ বজাত চিকিৎসালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সাংস্কৃতিক আৰু মুকলি সভাৰ বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক কমলানন্দ দত্তই ৷ ছাত্রী প্ৰিয়ংকা শইকীয়াৰ বৰগীতেৰে শুভাৰম্ভ কৰা সভাখনত সমবেত সংগীত পৰিবেশন কৰে চিকিৎসাকৰ্মী সকলে ৷ সম্পাদক জয়ন্ত কাকতী, দেৱজিৎ হাজৰিকাই আঁতধৰা সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক উমাকান্ত ভূঞাই ৷

মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ হাজৰিকাই উদ্বোধন কৰা সভাখনত বিশিষ্ট অতিথিৰ ভাষণ দিয়ে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, প্ৰাক্তন বিধায়ক কেশৰাম বৰাই ৷ সভাত চিকিৎসক ডাঃ অতুল চন্দ্ৰ খাউণ্ডৰ 'চ'তৰ শেষত বৰষুণ' নামৰ কাব্যগ্ৰন্থ খন উন্মোচন কৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক সত্যেন্দ্ৰ বৰদলৈয়ে ৷ বিহপুৰীয়া সমষ্টিৰ মধ্যস্থলৰ নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়খনৰ পৰ্যাপ্ত পৰিমাণৰ ভূমি থকালৈ লক্ষ্য ৰাখি আৰু বৰ্তমানৰ চিকিৎসালয়খনৰ উন্নত আন্ত:গাঠনি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰাৰ বাবে ৰাইজে সন্তোষ প্ৰকাশ কৰি চিকিৎসক, চিকিৎসাকৰ্মী, ৰোগী আৰু ৰাইজৰ মাজত যি সমন্বয় গঢ়ি তুলিছে তাৰ বাবে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়খনত সকলো সুবিধা পোৱাকৈ এখন অসামৰিক চিকিৎসাল পৰ্য্যায়লৈ উন্নীত কৰণৰ বাবে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাই সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷

ইফালে কালি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত গছ পুলি ৰোপনৰ পিছতে উদযাপন সমিতিৰ সভাপতি দেবানন্দ হাজৰিকাই পতাকা উত্তোলন কৰে ৷ পুৱা দহ বজাত অনুষ্ঠিত হোৱা প্ৰীতি খেল ধেমালি আৰু যোগ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে সৰ্বভাৰতীয় ভলীবল সন্থাৰ সমন্বয়ক পুতুল বৰুৱাই ৷ দুপৰীয়া ১২ বজাত মাধৱদেৱ মহাবিদ্যালয়ৰ চায়েঞ্চ ফ'ৰামৰ দ্বাৰা অনুস্থিত বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰে দেউৰী সাহিত্য সভাৰ সম্পাদক প্ৰবীন দেউৰীয়ে ৷ বিয়লি ১-৩০ বজাৰ পৰা শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক অৰুণ কুমাৰ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত গীতে-কবিতাৰে এবেলা শীৰ্ষক অনুষ্ঠানটি উদ্বোধন কৰে মাধৱদেৱ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক গৌতম কাকতিয়ে ৷ অনুষ্ঠানটিত শিক্ষক বিতুপন গগৈয়ে স্বৰচিত কবিতা পাঠেৰে শুভৰম্ভ কৰে ৷।

Your Comments