বানৰ কৱলত পৰিলে নাৰায়ণপুৰ 

flood_assam

হাৱাজান শিমলুগুৰি গড়কাপ্তানি পথৰ ওপৰত পানী আৰু পানী ৷ চেঁচা নদীয়ে বুৰালে কেইবাখনো গাওঁ ৷ বানৰ কৱলত পৰা লোকসকলৰ হৈছে এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ ঘৰ-দুৱাৰ, বিদ্যালয় সকলোতে এককাল পৰ্যন্ত পানী ৷ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই একাংশ গাওঁবাসী ৷ ফলত বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হ’ল ছাত্ৰ-ছাত্ৰীসকল ৷ বানে উটুৱাই নিলে সেউজীয়া ধাননি পথাৰ ৷ সেইবাবে জীয়াতুত ভুগিবলগীয়া হৈছে খেতিয়কসকল ৷

Your Comments