সোণাৰিৰ নামতোলাত উৎকোচ লৈ ধৰা পৰিল আৱকাৰী জোৱান 

charaidou_assam

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৱত্তী নামতোলাত অবৈধ সুৰা আৰু ড্ৰাগছ্ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি থকা অৱস্হাত স্থানীয় ৰাইজে আটক কৰিলে চৰাইদেউ জিলা আৱকাৰী বিভাগৰ এজন কৰ্মী । নামতোলা হাতীকেম্প, লাহদৈগড় এলেকাত অবৈধ সুৰা আৰু ডাগছ্ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি থাকোতে ৰাইজে হাতে-লোটে আটক কৰে সুখেশ্বৰ ফুকন নামৰ আৱকাৰী বিভাগৰ জোৱানক। ক্ষোভিত ৰাইজে অভিযুক্তক গতালে নামতোলা আৰক্ষীক।

Your Comments