চেন্নাই ছুপাৰ কিংছক পুনৰ আইপিএল চেম্পিয়ন কৰি সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল'ব এম এছ ধোনীয়ে!

M S Dhoni

চেন্নাই ছুপাৰ কিংছক আইপিএলত চতুৰ্থবাৰৰ বাবে চেম্পিয়ন কৰি সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ইচ্ছা মহেন্দ্ৰ সিং ধোনীৰ।যদি অহা মাহৰ পৰা ইউএইত আয়োজিত হ'ব লগা আইপিএলত চেন্নাই ছুপাৰ কিংছক অধিনায়ক ধোনীয়ে চেম্পিয়ন কৰাব পাৰে,তেন্তে তাৰকা উইকেট কিপাৰ বেটছমেনজনে তাৰ পিছতেই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা সন্ন্যাস ল'ব।দৰাচলতে,চলিত বৰ্ষত আয়োজিত হ'ব লগা টী-২০ বিশ্বকাপৰ পিছত আন্ত:ৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ ল'ব বুলি ভাবিছিল ধোনীয়ে।কিন্তু,ক'ৰ'না মহামাৰীৰ বাবে টী-২০ বিশ্বকাপ বাতিল হোৱাৰ বাবে এতিয়াই অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰে এম এছ ধোনীয়ে।

Your Comments