মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা  

thief_guwahati

বশিষ্ঠ আৰক্ষীৰ জালত ৭ জনীয়া ডকাইতিৰ এটা দল । নিশা বশিষ্ঠ চাৰি আলি সমীপত আৰক্ষীৰ এটা দলে তালাচী চলাই গ্ৰেপ্তাৰ কৰে ডকাইত কেইটাক । অভিযানত গ্ৰেপ্তাৰ কৰা ডকাইত কেইটা পৰা আৰক্ষীয়ে জব্দ কৰিছে মোবাইল ফোন, লেপটপ, সোণৰ  আ-অলংকাৰ লগতে নগদ ধন । ইয়াৰ উপৰিও আটক কৰা ডকাইত কেইটা পৰা আৰক্ষীয়ে জব্দ কৰিছে  তিনিখন স্কুটি আৰু চুৰি কাৰ্যট ব্যৱহাৰ কৰা চোকা অস্ত্ৰও । নিশা এ চি পি নন্দিনী কাকতিৰ নেতৃত্ব চলিছিল এই অভিযান আৰু এই অভিযানৰ সময়ত ডকাইতৰ দলটো লগত হতাহঁতি হৈ আৰক্ষীৰ এজন কনিষ্ঠবলো আহত হয় ।
 

Your Comments