সোণাৰিৰ কছাৰী পথাৰৰ ক্ষুদ্র চাহ খেতিয়কে প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰিছে জৈৱিক চাহ 

tea_sonari

চৰাইদেউ জিলাৰ বৰুৱাছালী মৌজাৰ মিলনজ্যেতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কছাৰী পথাৰৰ নিবাসী তথা বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক হীৰা বৰগোঁহায়ে বিগত পাঁচ বছৰ ধৰি প্ৰাকৃতিক ভাৱে ঘৰতে প্ৰস্তুত কৰি লোৱা ক্ষুদ্ৰ মেছিন আৰু হাতেৰে তৈয়াৰী কৰি লোৱা সজুঁলিৰ জৰিয়তে বছেৰেকত প্ৰায় ১০০ কিলোগ্ৰাম গ্ৰীণটি আৰু ব্লেকটি উৎপাদন কৰি আহিছে । প্ৰতি কিলোগ্ৰামত ৫০০-২০০০ টকাত বিক্ৰী কৰি এখন বজাৰ গঢ়ি তুলিছে ।

sonari_tea

হীৰা বৰগোঁহাইয়ে  ঘৰতে প্ৰস্তুত কৰা কেচুৰ জৈৱিক সাৰ, জৈৱিক কীটনাশক দ্ৰব্য, ভিটামিন আদি  চাহ বাগিচাত ব্যৱহাৰ কৰি সুচাৰুভাৱে খেতি কৰি আহিছে । তেওঁ প্ৰস্তুত কৰা গ্ৰীণটি, ব্লেকটি চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি উক্ত চাহৰ উপকাৰিতাৰ বিষয়ে গ্ৰাহকক সজাগ কৰাৰ লগতে উপাৰ্জন কৰি আহিছে । তদুপৰি  হীৰা বৰগোঁহায়ে  সামান্যতম মূলধন ব্যৱহাৰ কৰি ঘৰতে কেনেকৈ উপাৰ্জন কৰি স্বাৱলম্বী হ'ব পাৰি তাৰেই নিৰ্দশন দেখুৱাইছে ।

Your Comments