তামুলপুৰত হাতৰ আখৰ কৰ্মশালাৰ সামৰণি 

hand writing_tamulpur_assam

এন ই গ্ৰিন এবাকাচ তামুলপুৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সাতদিনীয়া হাতৰ আখৰৰ কৰ্মশালাৰ আজি সামৰণি পৰে । সামৰণি উপলক্ষ্যৰ আজি আবেলি অনুষ্ঠিত  হোৱা প্ৰমাণ-পত্ৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকি শিক্ষক তথা অভিভাৱক মহেশ বৈশ্যই কয় ভাল হাতৰ আখৰে এজন ব্যক্তিৰ পৰিচয় বহন কৰে । অনুষ্ঠানটোত উপস্থিত থাকি চিত্তৰঞ্জন নাৰ্জাৰীয়ে কয় ঘৰটো শিশুক হাতৰ আখৰ শিকোৱা হয়, স্কুলটো শিকোৱা হয় ৷ আন এগৰাকী অভিভাৱক ইষ্টেফান হেম্ব্ৰমে কয় যে, আমাৰ হাতৰ আখৰ বেয়া বাবে সময়ত জনা খিনিও লিখিব টান পাও ৷ গতিকে আমাৰ সন্তানৰ হাতৰ আখৰ বেয়া হ’ব দিব নোৱাৰো ৷

এই কৰ্মশালাৰ জৰিয়তে হাতৰ আখৰ ভাল হৈছে ৷ Saras Calligraphy ৰ হাতৰ আখৰ প্ৰশিক্ষক বিদ্যুৎ কলিতাই কয় হাতৰ আখৰ এক কলা ৷ এই কৰ্মশালাত যি হাতৰ আখৰ শিকোৱা হ’ল সেয়া চিৰস্থায়ী হ’ব। লগতে তেওঁ ভাষনত এবাকাচ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে  কয়৷ এবাকাচ শিকিলে যে ছাত্ৰ ছাত্ৰীৰ মানসিক আৰু বৌদ্ধিক বিকাশ হয় আৰু অংকৰ যিকোনো ডাঙৰ হিচাপ কেলকুলেটৰ আদি নোহোৱা কৈ তাৎক্ষনিক ভাবে দিব পাৰে সেই বিষয়ে বুজাই এবাকাচ শিকিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনাই ৷ আজিৰ এই অনুষ্ঠানত অভিভাৱক-অভিভাবিকা সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

Your Comments