বঙাইগাঁৱত ইণ্ডিয়া পোষ্ট বেংকিঙৰ সেৱাৰ শুভাৰম্ভ 

bank_assam

সমগ্ৰ দেশৰ লগতে  আজি বঙাইগাঁওস্থিত প্ৰধান ডাকঘৰতো ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকিং সেৱাৰ শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে এই বেংকিং সেৱাৰ শুভ উদ্ধোধন কৰে৷ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে এই পোষ্ট পেমেণ্ট বেংকিং সেৱা উদ্বোধন কৰি দিয়া ভাষণত ভাৰত চৰকাৰ তথা ডাক সেৱা বিভাগৰ এনে আঁচনিয়ে মফচলীয় অঞ্চলৰ জনসাধাৰণক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে৷

তেওঁ লগতে  বেংকিং সেৱা প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় ডাক সেৱা বিভাগে গ্ৰহণ কৰা নব্য আঁচনিয়ে দেশৰ সৰ্বস্তৰৰ লোকক উপকৃত কৰাৰ উপৰি ডাকোৱালৰ জৰিয়তে গাঁৱৰ লোকসকলে প্ৰত্যক্ষভাৱে বেংকলৈ নহাকৈয়ে ধন আদান-প্ৰদানৰ সুবিধা পাব বুলিও কয়৷ ডাক সেৱা বিভাগৰ বিষয়া প্ৰণয় চুব্বাই আদৰণি ভাষণ ৰখা অনুষ্ঠানত বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসক ফিৰোজ আহমেদে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকিং সেৱাৰ  জৰিয়তে দেশৰ গ্ৰামীণ অৰ্থনীতিক সবল কৰি তুলিব বুলি আশা ব্যক্ত কৰে৷ চিকিৎসক আহমেদে লগতে কয় যে চহৰাঞ্চলৰ লোকে বেংকৰ সুবিধা পাইছে যদিও গ্ৰামাঞ্চলত বেংকৰ সুবিধা উপলব্ধ হোৱা নাই৷

bank_assam

সেয়ে গ্ৰামাঞ্চলতো বেংকিং সেৱা উপলব্ধ কৰিবলৈ বিচৰা হৈছে৷ ইয়াৰ বাবে ভাৰতীয় ডাক সেৱা বিভাগ আগবাঢ়ি অহাত জনসাধাৰণ উপকৃত হ’ব আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণেও এতিয়াৰে পৰা বেংকত যিবোৰ সুবিধা গ্ৰাহকক প্ৰদান কৰা হয়, সেই সেৱা ডাক বিভাগৰ জৰিয়তে উপলব্ধ হ’ব বুলি কয়৷ তেঁও এই বেংকিং সেৱাৰ জৰিয়তে গ্ৰাম্য জীৱন সুচল হৈ উঠিব বুলিও কয়৷ আনহাতে ডাক সেৱা বিভাগৰ অসম মণ্ডলৰ সহকাৰী সঞ্চালক এন আৰ শইকীয়াই কয় যে যিবোৰ অঞ্চলত বেংকৰ সেৱা উপলব্ধ হোৱা নাই, সেই অঞ্চলবোৰত বেংকৰ সেৱা উপলব্ধ কৰাই হৈছে ইয়াৰ মূল লক্ষ্য৷

এক কথাত ক’বলৈ গ’লে আপোনাৰ বেংক আপোনাৰ দুৱাৰত উপলব্ধ হ’ব৷ এই সেৱাই ভিতৰুৱা অঞ্চলৰ লোকক বাৰুকৈয়ে সহায় কৰিব বুলিও তেওঁ কয়৷ জিলাখনৰ ডাক সেৱা বিভাগৰ বিভিন্ন অঞ্চলৰ বিষয়া-কৰ্মচাৰী উপস্থিত থকা সভাখনত দিল্লীত প্ৰধান মন্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখনৰ শুভ উদ্বোধন কৰাৰ দৃশ্য প্ৰজেক্টৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়৷

Your Comments