পথ দুৰ্ঘটনাত নিহত চাৰি যুৱকৰ আত্মাৰ সদ্‌গতিত শোকসভা

পথ দুৰ্ঘটনাত নিহত চাৰি যুৱকৰ আত্মাৰ সদ্‌গতিত শোকসভা

যোৱা ২৮ আগষ্টত কলকাতাত সংঘটিত এক পথ দুৰ্ঘটনাত অসমৰ চাৰিগৰাকী যুৱকে প্ৰাণ হেৰুৱাইছিল । দুৰ্ঘটনাটোত নিহত যুৱককেইজন আছিল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাৰ মজাফৰ আলী, ৰাহুল আলী, চান্দ মহম্মদ আলী আৰু তাৰিকুল ইছলাম ।

উল্লেখ্য যে মুকালমুৱাৰ পৰা পাঁচগৰাকী যুৱকে কলকাতালৈ ফুৰিবলৈ গৈছিল । যোৱা ৩০ আগষ্টত নিহত যুৱককেইজনৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছত দহ সহস্ৰাধিক লোকৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন হৈছিল ।

আজি বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ প্ৰাক্তন চাৰিওগৰাকী ছাত্ৰৰ অকাল বিয়োগত শোকসভা অনুষ্ঠিত কৰি দুৰ্ঘটনাটোত নিহত চাৰিওগৰাকী যুৱকৰ আত্মাৰ সদ্‌গতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় ৷

পিছত মহাবিদ্যালয়খনৰ প্ৰবক্তা ক্ৰমে মৃদুল হক চৌধুৰী, আছফাকুৰ ৰহমান, ফাইজুল হক, আব্দুল আলিম আৰু ছাত্ৰ একতা সভাৰ সভাপতি ছাইফুদ্দিন আহমেদৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে মৃতকৰ ঘৰলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

Your Comments