কাৰামুক্ত ধৈৰ্য,মানস আৰু বিতু পুনৰ কাৰাবন্দী হ'ব লাগিব নেকি!

Smss

*উচ্চ ন্যায়ালয়ত ক্ৰীমিনেল আপীল 'নিয়া'ৰ*

কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তিৰ তিনি কাৰমুক্ত নেতা বিতু সোণোৱাল,মানস কোঁৱৰ আৰু ধৈৰ্য কোঁৱৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা।তিনিওজন নেতাৰ জামিনক প্ৰত্যাহ্বান জনাই 'নিয়া'ৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ক্ৰীমিনেল আপীল।

উল্লেখ যে চলিত বৰ্ষৰ জুলাই মাহত তিনিওজন কাৰাৰুদ্ধ নেতাই চানমাৰি থানাৰ ১৩/১৯ নম্বৰ 'নিয়া'ৰ গোচৰত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছিল।'কা' আন্দোলন কৰাৰ বাবে ৭ মাহ কাৰাবন্দী হৈ আছিল কৃষক নেতাকেইজন।

তাৎপৰ্যপূৰ্ণ যে কৃষক নেতা তিনিওজনৰ বিৰুদ্ধে 'নিয়া'ৰ আবেদনৰ উচ্চ ন্যায়ালয়ে শুনানিৰ দিন ধাৰ্য কৰা নাই।ইফালে 'নিয়া'ৰ উক্ত আবেদনৰ ৰায় যদি 'নিয়া'ৰ পক্ষত থাকে,তেন্তে আকৌ বন্দী হ'ব পাৰে কাৰামুক্ত তিনিওজন নেতা।

উল্লেখ যে শুকুৰবাৰে কৃষক নেতা অখিল গগৈৰ উক্ত গোচৰত জামিন নাকচ কৰিছে 'নিয়া'ৰ বিশেষ আদালতে।

Your Comments