'শিক্ষা বিভাগৰ চুক্তিয়ে খৰ্ব কৰিব আমাৰ বাক স্বাধীনতা,টেট উত্তীৰ্ণ শিক্ষকসকলে কেতিয়াও স্বাক্ষৰ নকৰে এই চুক্তিত'

Pic

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বেতন সুৰক্ষাৰসহ চাকৰি নিয়মীয়াকৰণৰ দীৰ্ঘদিনীয়া দাবীৰ সমাধান বিচাৰি পুনৰ সৰৱ শিক্ষকসকল।গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষক সমাজৰ কেন্দ্ৰীয় নেতৃত্বই মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰে।উক্ত সংবাদমেলত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয়-"চলিত বৰ্ষৰ ৭জুলাইত শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৪১হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি প্ৰায় নিয়মীয়াকৰণৰ সমানে ৬০বছৰলৈ সুৰক্ষা প্ৰদান কৰি অন্যান্য সকলো সুবিধা শিক্ষকসকলে লাভ কৰিব বুলি ঘোষণা কৰিছিল।কেবিনেটৰ সিদ্ধান্তমৰ্মে মন্ত্ৰী শৰ্মাই কৰা ঘোষণাক আদৰণি জনাইছিল টেট উৰ্ত্তীণ শিক্ষক সমাজে।কিন্তু আশ্চৰ্যজনকভাৱে ঘোষণাৰ কিছুদিনৰ পিছতে শিক্ষা বিভাগে এইসকল শিক্ষকক সুবিধাসমূহ লাভ কৰিবলৈ হ'লে নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ দিয়ে।চুক্তিপত্ৰ ৰাজহুৱা হোৱাৰ লগে লগে শিক্ষকসকলে চুক্তিপত্ৰত স্বাক্ষৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।কাৰণ উক্ত চুক্তিপত্ৰত শিক্ষকসকলক স্বাক্ষৰ কৰাই চৰকাৰে সকলো অধিকাৰ খৰ্ব কৰিবলৈ বিচাৰিছে।"

"চুক্তিপত্ৰখন শিক্ষক সমাজৰ বাবে গ্ৰহণযোগ্য নহয়।কাৰণ উক্ত চুক্তিপত্ৰত সন্নিবিষ্ট কৰা যুক্তিসমূহে আমাৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰিব।আমাৰ বিৰুদ্ধে হোৱা অন্যায়ক লৈ কোনো দিনে প্ৰতিবাদ কৰিব নোৱাৰিম।অৰ্থাৎ আমাৰ বাক-স্বাধীনতা খৰ্ব কৰিব চুক্তিয়ে।গতিকে শিক্ষকসকলে কোনো দিনে স্বাক্ষৰ নকৰে উক্ত পত্ৰত"- ৰচিদে লগতে কয়।

সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি চুক্তিপত্ৰ অনুসৰি ২০১২ চনৰ পৰা টেট শিক্ষকসকলে কৰি অহাৰ ৮বছৰৰ শিক্ষকতা অথলে যাব।কাৰণ ১জুলাইৎ পৰা কাৰ্যকৰী হ'ব চুক্তিপত্ৰখন।তাত স্বাক্ষৰ কৰিলে ৬০ বছৰৰ চাকৰি নিৰাপত্তা নিশ্চিত হ'ব।

"সামাজিক মাধ্যম-সংবাদমেলত বিভাগৰ বিৰুদ্ধে শিক্ষকসকলে কোনো প্ৰতিবাদ কৰিব নোৱাৰিব।যিটো নেকি হাস্যকৰ কথা।শিক্ষকসকল কাৰো গোলাম নহয়"- মিৰাজুলে কয়।

"চুক্তিখন প্ৰকৃততে ৬০ বছৰৰ বাবে নহয়।কাৰণ উল্লেখ আছে অতি বেছি ৬০ বছৰ।অতি কমেও কিমান সময়ৰ বাবে চাকৰিৰ নিৰাপত্তা থাকিব,তাৰ কোনো উল্লেখ নাই।পৰৱৰ্তী কোনো নিৰ্দেশনা নহালৈকে ই কাৰ্যকৰী হ'ব।অৰ্থাৎ যেতিয়াই মন যাব,তেতিয়াই পুনৰ অৰ্ডাৰ উলিয়াই শিক্ষকসকলক চাকৰিৰ পৰা উলিয়াই দিলেও শিক্ষকসকলে মাত মাতিব নোৱাৰিব"-তেওঁ লগতে কয়।

চুক্তি সদায় দুয়োটা পক্ষৰ বুজাবুজি মাধ্যমত হ'ব লাগে বুলি উল্লেখ কৰি সাধাৰণ সম্পাদক দীপাৰ্ণৱ ঘোষৰ মন্তব্য-"চুক্তিপত্ৰত শিক্ষকসকলৰ পে-বেণ্ডৰ কোনো কথা উল্লেখ নাই।পূৰ্বতে শিক্ষক সমাজে লাভ কৰিবলৈ থকা প্ৰাপ্যৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব।"

"২০০৫ চনৰ পৰা পেঞ্চন ব্যৱস্থা ইতিমধ্যে উঠাই দিয়া হৈছে।কিন্তু চুক্তিপত্ৰত কোৱা হৈছে পেঞ্চনৰ সন্দৰ্ভত কোনো মাত মাতিব নোৱাৰিব।অৰ্থাৎ তাৰ পৰা অনুমান হয় আকৌ পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব"-সম্পাদকগৰাকীয়ে লগতে কয়।

উল্লেখ যে সংবাদমেলত উপস্থিত আছিল সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা।

Your Comments