নাগ্ৰীজুলি-বগৰীখুঁটি-মহেন্দ্ৰনগৰ পথৰ দুৰৱস্থা : জীয়াতু ভুগিছে অঞ্চলবাসীয়ে

নাগ্ৰীজুলি-বগৰীখুঁটি-মহেন্দ্ৰনগৰ পথৰ দুৰৱস্থা : জীয়াতু ভুগিছে অঞ্চলবাসীয়ে

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি-বগৰীখুঁটি-মহেন্দ্ৰনগৰ সংযোগী পথৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক জীয়তু ভোগাই আহিছে । প্ৰায় ১২-১৩ বছৰ পূৰ্বে নাগ্ৰীজুলিৰ গগনচ'কৰ পৰা বগৰীখুঁটি-শৰ্মাচ'ক-হস্তীনাপুৰ হৈ ভাৰত-ভূটান সীমান্তৰ মহেন্দ্রনগৰ (গুৱাবাৰী) বজাৰলৈ প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল ।

কিন্তু নিৰ্মাণৰ পিছত পথছোৱা এবাৰো মেৰামতি নকৰাৰ ফলতেই সম্প্ৰতি নাগ্ৰীজুলিৰ পৰা গুৱাবাৰীলৈ বিস্তৃত এই গুৰুত্ত্বপূৰ্ণ পথছোৱা সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে । প্ৰতিদিনে বৰনদীৰ শিল-বালি মহলৰ পৰা বহুসংখ্যক ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদিয়ে অতিৰিক্ত বোজাই দি শিল-বালি কঢ়িওৱাৰ ফলত পথছোৱা বিধস্ত হৈ পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ।

নাগ্ৰীজুলি-বগৰীখুঁটি-মহেন্দ্ৰনগৰ পথৰ দুৰৱস্থা : জীয়াতু ভুগিছে অঞ্চলবাসীয়ে

ফলত যাত্ৰীবাহী বাছ, চাৰিচকীয়া বাহন, দুচকীয়া বাহন আনকি চাইকেল আদিও চলাচল কৰাৰ বাবে পথছোৱা অনুপযোগী হৈ পৰিছে । গুৱাবাৰী, মহেন্দ্ৰনগৰ, হস্তীনাপুৰ, অৰঙাজুলি আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা বিদ্যালয়-মহাবিদ্যালয় আদিৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই পথেৰে অহা-যোৱা কৰে ।

কিন্তু পথছোৱাৰ দুৰৱস্থাৰ বাবে এইসকল ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে পথছোৱাৰে অহা-যোৱা কৰাত সমস্যাৰ সম্মুখীন হৈ আহিছে । পথছোৱাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সঘনাই সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে এই পথছোৱাত ।

অলপ বৰষুণ হ'লেই পথছোৱা পানীৰে একাকাৰ হৈ পৰে । পথছোৱাৰে বিভিন্ন গাঁৱৰ মানুহে নাগ্ৰীজুলি বজাৰ, মহেন্দ্ৰনগৰ বজাৰ আদিলৈ কৃষিজাত সামগ্ৰীসমূহ কঢ়িয়াই আনিবলৈও সমস্যাৰ সম্মুখীন হৈ আহিছে দীৰ্ঘদিন ধৰি ।

পথছোৱা অনতি পলমে মেৰামতি কৰি গাড়ী-মটৰ বা অন্যান্য যান-বাহন চলাচলৰ উপযোগী কৰি তুলি অঞ্চলটোৰ হেজাৰ হেজাৰ লোকৰ যাতায়াতৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জনপ্ৰতিনিধি, চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।

অন্যথা অঞ্চলটোৰ ৰাইজে পথছোৱা মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ।

Your Comments