নগাঁৱৰ এ ডি পি কলেজৰ হীৰক জয়ন্তীৰ প্ৰস্তুতি

নগাঁৱৰ এ ডি পি কলেজৰ হীৰক জয়ন্তীৰ প্ৰস্তুতি

মধ্য অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী মহোৎসৱ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৭ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব ।

ইতিমধ্যেই সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । হীৰক জয়ন্তী সমাৰোহৰ বাবে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ পঞ্জীয়ন মহাবিদ্যালয় চৌহদত অহা ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ।

মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহলৈ বুলি যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীয়ে দান-বৰঙণি আগবঢ়াব বিচাৰে তেওঁলোকে বৰঙণিসমূহ হীৰক জয়ন্তীৰ একাউণ্টত জমা দিব পাৰিব ৷

অথবা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ জৰিয়তেও বৰঙণি আগবঢ়াব পাৰিব । ইতিমধ্যে ইণ্ডিয়ান বেংকৰ নগাঁও শাখাত ৬৬১২৭৪১৫২২ নংত এটা একাউন্ট খোলা হৈছে । মহাবিদ্যালয়ৰ অধ্যক্ষ তথা হীৰক জয়ন্তী উদ্‌যাপন সমিতিৰ সম্পাদক ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে সকলো ন-পুৰণি ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীৰ উপস্থিতিৰ লগতে সহযোগিতা কামনা কৰিছে ।

Your Comments