মঙলদৈত পথ দুৰ্ঘটনাত নিহত শ্ৰমিক

মঙলদৈত পথ দুৰ্ঘটনাত নিহত শ্ৰমিক

মঙলদৈ চহৰৰ মাজমজিয়াত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ হৈ থকা ইণ্ডিয়ান অইল তেল ডিপোৰ সমীপত আজি সন্ধিয়া প্ৰায় ৫.৪৫ বজাত হোৱা এক পথ দুৰ্ঘটনাত এজন শ্ৰমিক ঘটনাস্থলীতে মৃত্যূমুখত পৰে ।

দুৰ্ঘটনা সন্দৰ্ভত জানিব পৰামতে, এ এছ-০১ ডি ডি-২৪৮১ নম্বৰৰ ৰন্ধন গেছ কঢ়িওৱা ট্ৰাকখনে এ এছ-১৩ এফ-৯৮৪০ নম্বৰৰ বাইকৰ আৰোহী আচমত আলী নামৰ লোকজনক খুন্দিয়াই বগৰাই পেলায় আৰু লোকজনৰ গাৰ ওপৰেৰে ট্ৰাকখন পাৰ হৈ যায় ।

ফলত ঘটনাস্থলীতে মৃত্যু হয় ৪৮ বছৰীয়া আচমত আলীৰ । তেওঁক স্থানীয় ৰাইজে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

মঙলদৈ চহৰৰ নিকটৱৰ্তী বাঘপৰি চাপৰিৰ প্ৰয়াত মহৰুদ্দিন আহমেদৰ পুত্ৰ আচমতে শ্ৰম কৰি বহু কষ্টেৰে পত্নীসহ দুজন পুত্ৰ আৰু দুজনী কন্যা সন্তান পোহপাল দি আছিল । শ্ৰমিকগৰাকীৰ এনে আকস্মিক মৃত্যূৱে তেওঁৰ পৰিয়ালটোলৈ অমানিশা কঢ়িয়াই আনিছে । 

Your Comments