বটদ্রৱা থানত মাধৱদেৱৰ ৪২২সখ্যক তিৰোভাৱ তিথি পালন

বটদ্রৱা থানত মাধৱদেৱৰ ৪২২সখ্যক তিৰোভাৱ তিথি পালন

জগতগুৰু মহাপুৰুষ শ্রীশংকৰদেৱৰ পবিত্র জন্মস্থান  শ্রীশ্রী বটদ্রৱা থানত তেৰাৰ প্রিয় শিষ্য বঢ়াৰ পো মাধৱদেৱৰ ৪২২সংখ্যক তিৰোভাৱ তিথি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আড়ম্বৰপূৰ্ণভাৱে দুদিনীয়া  কাৰ্যসূচীৰে উদ্‌যাপিত হৈছে ৷

আজি পুৱা ‘তাল কোবোৱা’ প্রসংগৰ পিছতে কেইবা শতাধিক ভকত-বৈষ্ণৱ, যুৱক-যুৱতী, আইমাতৃৰ ঊষা-কীৰ্তনেৰে থান প্ৰাংগণ  মুখৰিত হয় । পুৱা প্রসংগত গায়ন-বায়নে ‘শ্যাম গড়া’ ৰাগত ‘শুনলো পণ্ডিত’ শীৰ্ষক গীত পৰিবেশন কৰে ।

বটদ্রৱা থানত মাধৱদেৱৰ ৪২২সখ্যক তিৰোভাৱ তিথি পালন

তাৰপিছতে প্রসংগীয়া নামত দধি মথনৰ ‘এ হে কৰুণাময়’, ‘গোবিন্দ হৰি কৃষ্ণ গোপাল হৰি ৰাম’ কীৰ্তন গোৱা হয় । দুপৰীয়া  কীৰ্তনৰ অন্তত ৰাজ্যখনৰ ভিন্ন প্রান্তৰ পৰা অহা অগণন ভক্তপ্রাণ ৰাইজে আশীৰ্বাদ গ্রহণ কৰে ।

ধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে শ্রীশ্রী নৰোৱা  সত্রৰ আইসকলে প্রসংগত পৰম্পৰাগতভাৱে ‘ন-ঘোষা’ পৰিবেশন কৰে । আজি পুৱাৰে পৰা দ্বিতীয় বৈকুণ্ঠ বটদ্রৱালৈ বিভিন্ন স্থানৰ পৰা বহুসংখ্যক যাত্রীৰ  আগমন ঘটি দুপৰীয়াভাগলৈ বটদ্রৱাৰ চৌপাশ লোকে লোকাৰণ্য হৈ পৰাৰ লগতে কীৰ্তনঘৰ, পদশিলা, পাটশিলা, আকাশীগংগা, দৌল মন্দিৰ আদি পূণ্যস্থান সমূহত তীৰ্থযাত্রীসকলে শৰাই, বন্তি, নৈবদ্য আদি প্রদান কৰি আশিস নিৰ্মালী গ্রহণ কৰাত দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি হয় ৷

Your Comments