ৰাজ্যত ক'ৰ'নাত কিমান আৰক্ষীৰ বিষয়া-জোৱান আক্রান্ত হৈছে জানক:গুৱাহাটীত হৈছে সর্বাধিক আক্রান্ত

Cop

*শুকুৰবাৰে প্ৰথমজন আক্রান্ত আৰক্ষীৰ মৃত্যু*

ক'ৰ'নাৰ গণ সংক্ৰমণে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৱাহাটীত।সাধাৰণ জনতাৰ লগতে কৰ্তব্যৰত আৰক্ষীও আক্রান্ত হৈছে এতিয়া ক'ৰ'নাত।

শুকুৰবাৰৰ দিনটোত অসম আৰক্ষীৰ মুঠ ২৯ গৰাকীকৈ আৰক্ষী বিষয়া-জোৱান আক্রান্ত হয় ক'ৰ'না ভাইৰাছত।তাৰে ১০ জন গুৱাহাটী মহানগৰীৰ।

উল্লেখ যে শুকুৰবাৰৰ দিনটোলৈ ৰাজ্যত মুঠ ৪৩১ জন বিষয়া-জোৱান কৰ’নাত আক্ৰান্ত হৈছে।সুস্থ হৈছে ১৬৫ জন।মৃত্যু হৈছে এজনৰ।


ৰাজ্যত মুঠ আক্ৰান্ত আৰক্ষীৰ ২৭৩ জনেই গুৱাহাটীত কৰ্তব্যৰত আৰক্ষী।অৱশ্যে ইয়াৰে ৮৩ জন সুস্থ হৈ উঠাৰ বিপৰীতে ১৯০জন চিকিৎসাধীন।

আনহাতে,দুৰ্ভাগ্যজনকভাৱে  শুকুৰবাৰৰ দিনটোত প্ৰথমগৰাকী আৰক্ষীৰ মৃত্যু হয় ক'ৰ'নাত।যোৱা ৭ জুলাইত ক'ৰ’নাত আক্ৰান্ত হৈ আইআইটি,গুৱাহাটীৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা  অৱস্থাত পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত  ষষ্ঠ এপিবিএনৰ জোৱান হৰেশ্বৰ নাথৰ মৃত্যু হয়।কৰ’না বিৰোধী যুঁজত প্ৰাণ হেৰুৱাব লগা হোৱা আৰক্ষীৰ প্ৰথমগৰাকী যোদ্ধা  হৰেশ্বৰ নাথৰ ঘৰ আছিল নগাঁৱত।

Your Comments