কামৰূপ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ৰ'না পজিটিভৰ সংখ্যা 

Corona

হাজোৰ পৰা কমলাকান্ত দাস:

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কামৰূপ জিলাত।শুকুৰবাৰে কামৰূপ জিলাৰ  হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ৰ অন্তৰ্গত শিঙিমাৰী,হাজো,ৰৌমাৰী,চেঁচা,ৰামদিয়া আদি অঞ্চলত কেইবাজনো ব্যক্তিৰ  দেহত ক'ৰ'না পজিটিভ ধৰা পৰিছে।হাজো স্বাস্থ্য বিভাগৰ পৰা জানিব পৰামতে,শিঙিমাৰী অঞ্চলৰ স্বাস্থ্য কৰ্মী মিলন দাসৰ  দেহত ক'ৰ'নখ পজিটিভ ধৰা পৰিছে।ইফালে, শিঙিমাৰীৰে স্বাস্থ্য কৰ্মী ৰাজীৱ বৰ্মনৰ দেহত ক’ভিড পজিটিভ পোৱাৰ পিছত তেওঁৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ চাৰিজনকৈ সদস্য ক্ৰমে ক্ষীৰোদা বৰ্মন,অনামিকা বৈশ্য, ডলি বৰ্মন আৰু বাবলু বৰ্মনৰ  দেহত ক’ভিড পজিটিভ ধৰা পৰাত  শিঙিমাৰী অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷তদুপৰি, হাজোৰ ক্ষুদ্ৰ দধিৰ গীতা দাস,চেচাৰ কুমুদ দাস,হাজোৰ পানীপাৰাৰ সন্তোষ দাস,শুৱালকুছিৰ কলিতা মন্দিৰ অঞ্চলৰ পূৰৱী কলিতা(এই মহিলাগৰাকী পছৰীয়া ইমামী কোম্পানীত কৰ্মৰত)আৰু ৰামদিয়া বঙালতোলাৰ প্ৰজ্ঞান দাসৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰে।আনহাতে,কামৰূপৰ বাইহাটা আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াসহ দুজন এপিবিএনৰ জোৱান ক'ৰ'নাত আক্ৰান্ত হোৱাৰ লগতে উপ-পৰিদৰ্শক জীৱন চৰকাৰৰ আৱাসত কাম কৰা এগৰাকী মহিলায়ো ক'ৰ'নাত আক্ৰান্ত হোৱাত নিশাই তেওঁঁলোকক খানাপাৰাৰ ক'ভিড হাস্পতালত ভৰ্তি কৰে।
 

Your Comments