মহানগৰীৰ চিটীবাছত পৰিবহণ নিগমৰ অধ্যক্ষ আৰু বিষয়াৰ অভিযান

#ASTC Buss#

গ্ৰীণ জ'নত সামান্য শিথিল কৰা হ'ল তৃতীয় পৰ্যায়ৰ 'লকডাউন'।সামান্য শিথিল কৰাৰ পিছতে মহানগৰীত কিছু নিৰ্দেশনাৰ মাজেৰে আৰম্ভ হ'ল স্বাভাৱিক জনজীৱন।যাত্ৰীৰ সহায় হোৱাকৈ গুৱাহাটীত পৰিবহণ বিভাগে আৰম্ভ  কৰে বিশেষ চিটীবাছ সেৱা।

ইফালে,চিটিবাছ সেৱা আৰম্ভ হোৱাৰ পিছতে মঙলবাৰে গণেশগুৰিত চিটীবাছসমূহত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায় আৰু কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া বাপন কলিতাই নিজে উপস্থিত হৈ তদাৰক কৰে।প্ৰশাসনে বান্ধি দিয়া নিয়মসমূহ চিটী বাছসমূহে পালন  কৰিছে নে তাৰো নিৰীক্ষণ কৰে বিষয়া দুগৰাকীয়ে।

উল্লেখ যে মহানগৰীৰ ৰাজপথ বিগত ৪০দিনৰ বিৰতিৰ মূৰত সোমবাৰৰ পৰা বিশেষ চিটিবাছ সেৱা আৰম্ভ হৈছে।ৰাজ্যিক পৰিবহণ নিগমৰ চিটিবাছসমূহ চলাচল কৰাৰ পিচত বাছ আস্থানসমূহত  যাত্ৰীৰ ভিৰ অধিক হোৱা দেখিবলৈ পোৱা গৈছিল।প্ৰথমদিনাৰ যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ নিগমে  অতিৰিক্তভাৱে ২০০ খন চিটিবাছ চলোৱাৰ ব্যৱস্থা কৰিছে৷ 

গুৰুত্বপূৰ্ণ যে প্ৰশাসনে বান্ধি দিয়া নিয়ম  অনুুুসৰি প্ৰতিখন চিটিবাছে যাত্ৰীৰ নাম-ঠিকনা আৰু যোগাযোগ নম্বৰ সংগ্ৰহ কৰিব লাগে।সেই বিষয়ে বিষয়া দুজনে নিৰীক্ষণ কৰাৰ লগতে যাত্ৰীসকলে সামাজিক দূৰত্ব মানি মাস্ক পৰিধান কৰি যাত্ৰা কৰিছেনে সেই বিষয়ে নিৰীক্ষণ কৰে।

তাৎপৰ্যপূৰ্ণ যে 'চলো'এপৰ জৰিয়তে যাত্ৰীসকলক ই-টিকট ক্ৰয় কৰিবলৈ কৈছিল যদিও যিসকলৰ তেনে কোনো সুবিধা নাই, তেওঁঁলোকক বাছৰ ভিতৰতে টিকট দিয়া  হৈছে।

Your Comments