অসমত ক'ৰ'না আক্রান্ত ২৪ জনলৈ বৃদ্ধি:প্ৰথমজন নিজামুদ্দিনৰে জড়িত নথকা আক্রান্ত

Pic
দ্ৰুত হাৰত বৃদ্ধি পাইছে অসমত "ক'ভিড-১৯"ৰ আক্রান্তৰ সংখ্যা।আক্রান্তৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে।শুকুৰবাৰে মুঠ ৭ গৰাকী নতুনকৈ আক্রান্ত হৈছে মহামাৰী ক'ৰ'না ভাইৰাছত। গুৰুত্বপূৰ্ণ যে ৰাজ্যত প্ৰথম গৰাকী নিজামুদ্দিনৰে জড়িত নথকা ব্যক্তি কামৰূপ(মহানগৰ)জিলাত আক্রান্ত হৈছে। ইফালে,শুকুৰবাৰৰ দিনটোত আক্রান্ত হোৱা অন্য ব্যক্তিসকল হৈছে কামৰূপ,মৰিগাঁও,নলবাৰী জিলাৰ তিনিগৰাকী আৰু দক্ষিণ শালমৰা তথা গোলাঘাটৰ। গুৰুত্বপূৰ্ণ যে জিলা হিচাপত গোলাঘাট জিলাত সৰ্বাধিক ৯ গৰাকী লোক এই পৰ্যন্ত আক্রান্ত হৈছে "ক'ভিড-১৯"ত।

Your Comments